অসম

assam

মৰাণত বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন উদযাপন

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:54 PM IST

ETV Bharat / videos

Hazrat Mohammad birthday: মৰাণত বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন উদযাপন

ডিব্ৰুগড়,২৮ ছেপ্টেম্বৰ:আজি বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন । মানৱ সমাজত ইছলাম ধৰ্ম প্ৰচাৰ কৰা ইছলাম সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে নিজৰ জীৱন উচৰ্গিত কৰা বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন বিভিন্ন কাৰ্যসূচীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰাৰ সমান্তৰালভাৱে বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰত বিশাল শান্তি শোভাযাত্ৰা বাহিৰ কৰা পৰিলক্ষিত হয় ।  

বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিনৰ লগত সংগতি ৰাখি চাবুৱাত বিশাল শান্তি শোভাযাত্ৰা বাহিৰ ৷ চাবুৱা নতুন মছজিদ আৰু পুৰণা মছজিদ কমিটিৰ উদ্যোগত উলিওৱা হয় এই সমদল । ডিব্ৰুগড় চহৰতো কেইবাটাও মছজিদ কমিটি আৰু ইছলাম ধৰ্মৰ লোকসকলে শান্তি সমদল বাহিৰ কৰা পৰিলক্ষিত হয় । আনহাতে বিশ্ব নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে মছজিদ এ-ইমাম অহমদ ৰজা মৰাণ শান্তিপুৰ সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত মৰাণ নগৰৰ মাজেৰে এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় ।  

লগতে পঢ়ক:CM on Paramilitary forces to be withdrawn: এপ্ৰিল মাহৰ ভিতৰত ৰাজভৱন, সচিবালয় আৰু স্পৰ্শকাতৰ অঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব অৰ্ধসামৰিক বাহিনী: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details