অসম

assam

13 বছৰ পূৰ্বে সংঘটিত হোৱা হত্যাকাণ্ডৰ গোচৰত 6 জনকৈ লোকক 15 বছৰৰ কাৰাদণ্ড

ETV Bharat / videos

Jailed for 15 Years: সুমথিৰা বাগিচা হত্যাকাণ্ডৰ 6 দোষীক 15 বছৰৰ কাৰাদণ্ড - কাৰাদণ্ড

By

Published : May 7, 2023, 8:03 AM IST

Updated : May 7, 2023, 8:16 AM IST

কৰিমগঞ্জ, 7 মে’: 13 বছৰ পূৰ্বে সংঘটিত হোৱা হত্যাকাণ্ডৰ গোচৰত 6 জনকৈ লোকক 15 বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা হাইলাকান্দি আদালতৰ ৷ 2010 চনৰ 15 অক্টোবৰত হাইলাকান্দি জিলাৰ পঞ্চগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত এখন সুমথিৰাৰ বাগিচাত সংঘটিত হৈছিল ডকাইতি কাণ্ড (Hailakandi Court Sentences 6 person to 15 Years) ৷  

এই ডকাইতি কাণ্ডত বাগিচাৰ পহৰাৰ দায়িত্বত থকা চফিকুৰ ৰহমান চৌধুৰী নামৰ ব্যক্তিজনক ডকাইতে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয় ৷ সংকটজনক অৱস্থাত ছফিকুৰক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ব্যক্তিজনৰ । পৰৱৰ্তী সময়ত বাগিচাখনৰ স্বত্বাধিকাৰী আব্দুল ৰাজ্জাক চৌধুৰীয়ে দুগৰাকী মহিলাকে ধৰি ছজন লোকৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰে (Jailed for 15 Years) ৷

অৱশেষত দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত হাইলাকান্দিৰ আদালতে 6 অভিযুক্তক দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰে ৷ মুজিবুৰ ৰহমান, আব্দুল হান্নান, সজুন বিবি সমীৰুনেছা, এক্লাচুৰ আলী, আজমত আলী আৰু ফাইজুল হক নামৰ অপৰাধীকেইটাক হত্যাকাণ্ডৰ অভিযোগত বিহা হৈছে 15 বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি (Jailed for 15 Years in Hailakandi) ৷

লগতে পঢ়ক:Crime in Assam: ২০২৩ ৰ প্ৰথম দুটা মাহত ৩৩৭২ টা অপৰাধমূলক ঘটনা 

Last Updated : May 7, 2023, 8:16 AM IST

ABOUT THE AUTHOR

...view details