Eid ul Adha 2023: চিৰাঙত সমুহীয়া নামাজ পঢ়িলে হাগ্ৰামা মহিলাৰীয়ে - প্ৰমোদ বড়ো
চিৰাং, 20 জুন : আজি মুছলমান সম্প্ৰাদায়ৰ লোকসকলে বিশ্বজুৰি পালন কৰিছে ঈদ-উজ-জোহা ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চিৰাং জিলাৰ ১ নং দাউখানগৰ জামে মছজিদৰ প্ৰাংগনত অনুষ্ঠিত কৰা হৈছে সমুহীয়া নামাজ ৷ এই সমুহীয়া নামাজত অংশগ্ৰহণ কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷
নামাজৰ অন্তত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ভূমিকাক তীব্ৰ সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া ভাষা লিখিব পৰা অধিকাৰ খৰ্ব কৰাৰ দুৰ্ভাগ্যজনক আখ্যা দিয়ে মহিলাৰীয়ে ৷
বড়োলেণ্ড বিশ্ববিদ্যালয়ত অসমীয়া বা অন্যান্য ভাষাক লৈ শেহতীয়াকৈ যিটো নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা বাতিল কৰিবলৈ প্ৰমোদ বড়োক অনুৰোধ জনায় প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।