Gyan Mahayagya observed: আধ্যাত্মিকতাত লীন গৈছে জামুগুৰিহাটবাসী - আধ্যাত্মিকতাত লীন গৈছে জামুগুৰিহাটবাসী
চতিয়া,১৭ মাৰ্চ: সাইলাখ বৃন্দাবন সদৃশ পৰিৱেশ বিৰাজ কৰিছে, জামুগুৰিহাটৰ গমিৰিপাল অঞ্চলৰ বিশিষ্ট সমাজ সেৱক, ৰাজ জোতিষ শ্যাম ৰাজ শৰ্মাৰ বাসগৃহত(Spiritual atmosphere in Jamugurihat) । যোৱা ১২ মাৰ্চৰ পুৱাৰ পৰাই জল যাত্রা, বৰুণ আহ্বান কাৰ্যসূচীৰে আৰম্ভ হোৱা এই আধ্যাত্মিক জ্ঞান মহাযজ্ঞত নিতৌ হাজাৰ হাজাৰ ভক্তৰ সমাগমে বৃন্দাবন সদৃশ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে মহাযজ্ঞস্থলী(Gyan Mahayagya observed) ।
সূদুৰ নেপালৰ পৰা অহা প্ৰবচক গৰাকীৰ সুন্দৰ বাণীয়ে মন্ত্ৰমুগ্ধ কৰিছে ভক্তপ্ৰাণ ৰাইজক(Gyan Mahayagya held in Jamugurihat) । প্ৰবচনৰ মাজে মাজে পুৰোহিত সকলে পৰিবেশন কৰা ভজন কীৰ্ত্তনত আনন্দত আত্মহাৰা হৈ নাচি নাচি ভক্তি ভাৱত লীন যোৱা পৰিলক্ষিত হৈছে ভক্তপ্ৰাণ ৰাইজ । উল্লেখযোগ্য যে গমিৰিপাল নিৱাসী বিশিষ্ট সমাজ সেৱক প্ৰয়াত শ্যামৰাজ শৰ্মাৰ পবিত্ৰ স্মৃতিত তেখেতৰ পৰিয়াল বৰ্গই আয়োজন কৰা এই পবিত্ৰ আধ্যাত্মিক অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন ভাষা-ভাষী লোকে অংশগ্ৰহণ কৰি এই আধ্যাত্মিক অনুষ্ঠানটোক আৰু অধিক জীপাল কৰি তোলে । এই গাম্ভীৰ্যপুৰ্ণ তথা ভক্তিপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰা সমাজৰ সকলো শ্ৰেণীৰ ভক্তপ্ৰাণ ৰাইজক পৰিয়ালৰ ফালৰ পৰাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।