Guwahati traffic DCP PC: মহানগৰীত নৱবৰ্ষত কি কি নিৰ্দেশনা মানিব লাগিব আপুনি ? - Operation against drunk driving
নৱবৰ্ষ উদযাপনৰ নামত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় বা বনভোজৰ সময়ত কোনো ধৰণৰ দুৰ্ঘটনা নহয় তাৰ বাবে তৎপৰ হৈছে মহানগৰ আৰক্ষী(Guwahati police action to prevent action) ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰে মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ ডিচিপি হিৰণ্য বৰ্মনে(DCP Hiranya Barman) ৷ চালকক সুৰাপান কৰি গাড়ী নচলাবলৈ আহ্বান জনোৱাৰ লগতে লাইচেন্স নোহোৱাকৈ বাহন নচলাবলৈ আহ্বান জনায় বিষয়াগৰাকীয়ে(Operation against drunk driving) ৷ আনহাতে শ্বপিং মল, বাৰ, ৰেস্তোঁৰা আদিৰ ক্ষেত্ৰতো মহানগৰ আৰক্ষীয়ে(Guwahati city police) চোকা দৃষ্টি ৰাখিব বুলি তেওঁ সদৰী কৰে । শ্বপিং মল, বাৰ, হোটেল, ৰেস্তোঁৰাসমূহত পৰ্যাপ্ত পৰিমাণৰ লাইট, চিচি টিভি লগোৱাৰো নিৰ্দেশনা আৰক্ষীৰ ৷ সেইদৰে বনভোজ স্থালীসমূহত(Guwahati picnic spot) সুৰা বিক্ৰী কৰিব নোৱাৰিব বুলিও উল্লেখ কৰে । আনহাতে তেওঁ কয় যে ২০ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ সুৰাপান কৰি বাহন চলোৱাৰ ৩৭৫ গোচৰ ৰুজু হৈছে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST