অসম

assam

Guwahati Double Murder update : স্বামী-শাহুৰ হত্যাকাণ্ডত ব্যৱহৃত দা উদ্ধাৰ; দা বেচি বিপদত পৰিল দোকানী

By

Published : Feb 23, 2023, 7:09 PM IST

350 টকাত ক্ৰয় কৰিছিল হত্যাকাণ্ডত ব্যৱহৃত দাখন

গুৱাহাটী, 23 ফেব্ৰুৱাৰী :চৰ্চাত গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ ঘটনা (Guwahati Double Murder case)৷ ৰাজ্য কঁপোৱা চঞ্চল্যকৰ স্বামী আৰু শাহু হত্যাকাণ্ডৰ ক্ষীপ্ৰ তদন্তৰ মাজতে এই হত্যাকাণ্ডৰ লগত জড়িত আন এক গুৰুত্বপূৰ্ণ তথ্য আজি পোহৰলৈ আনে মহানগৰ আৰক্ষীৰ তদন্তকাৰী গোটে । গোটটোৱে বৃহস্পতিবাৰে দিনৰ 2 বজাত গুৱাহাটীৰ ডাবল মাৰ্ডাৰকাণ্ডৰ মাষ্টাৰ মাইণ্ড বন্দনা কলিতা আৰু তেওঁৰ সহযোগী ধনটি ডেকা, অৰূপ ডেকাক লগত লৈ পূব গুৱাহাটী আৰক্ষী জিলাৰ অতিৰিক্ত উপ আয়ুক্ত তথা এই ঘটনাৰ তদন্তৰ নেতৃত্ব বহনকাৰী বিষয়া কল্যাণ পাঠকে বোন্দাস্থিত বোন্দাজানত উপস্থিত হৈ হত্যাকাণ্ডত ব্যৱহৃত দাখনৰ সন্ধানত অভিযান চলায় ।

এই অভিযান কালত নুনমাটি সংমণ্ডলৰ সহ আৰক্ষী আয়ুক্ত নিলোৎপল ডেকা আৰু গোচৰটোৰ অনুসন্ধানকাৰী বিষয়া আব্দুল মমিনো উপস্থিত থাকে ৷ প্ৰায় এঘণ্টা জোৰা অভিযানৰ অন্তত দাখন বোন্দাজানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উদ্ধাৰ হোৱা সেইখন দা হত্যাকাণ্ডত ব্যৱহাৰ কৰা কথা মূল হত্যাকাৰী বন্দনা কলিতাই স্বীকাৰ কৰিছে আৰক্ষীৰ আগত ।

ইয়াৰ পিচতে আৰক্ষীৰ অভিযানকাৰী দলটো তিনি অভিযুক্তক লগত লৈ পাথৰ কোৱাৰীৰ দা-কাটাৰী বিক্ৰী কৰা দোকানখনত উপস্থিত হয় (Brutal murder in Guwahati) । লগতে হত্যাকাণ্ডত ব্যৱহৃত দাখন ক্ৰয় কৰা দোকানখনৰগৰাকী ইমৰান আনচাৰিক আটক কৰি সোধা-পোচাৰ বাবে নুনমাটি আৰক্ষী থানালৈ লৈ যায় (Guwahati police detain reap shopkeeper) ।

লগতে পঢ়ক :Guwahati Double Murder: বন্দনাই কৰা কু-কৰ্মৰ ফল ভুগিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে

জানিব পৰা মতে, উক্ত দাখন ডাবল মাৰ্ডাৰকাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাই 350 টকাত ক্ৰয় কৰিছিল বুলি জানিব পৰা গৈছে ৷ দা-কাটাৰী বিক্ৰী কৰা দোকানখনৰগৰাকী ইমৰানক নুনমাটি আৰক্ষী থানালৈ নিয়াৰ পূৰ্বে ছদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা বন্দনা কলিতাক পানবজাৰৰ পৰা নুনমাটি থানালৈ আনে ।

থানাত ঘাতক বন্দনা কলিতাৰ পিতৃ কামিনি কলিতাই তেওঁৰ কন্যা বন্দনাক সাক্ষাৎ কৰাৰ লগতে তেওঁৰ প্ৰয়োজনীয় কাপোৰ-কানিও যোগান ধৰে । ইফালে নুনমাটি থানা কৰ্তৃপক্ষই পুৱা আৰু দিনৰ ভাগত চাহ, দাইল, ভাত, তৰকাৰী যোগান ধৰে । তাৰ পিচত তদন্তকাৰী গোটটোৱে শংকৰী দে’ আৰু অমৰজ্যোতি দে’ৰ হত্যাকাণ্ডত জড়িত বন্দনাৰ লগতে আন দুগৰাকী হত্যাকাৰীক মুখামুখিকৈ জেৰা চলায় । এই জেৰাত ইতিমধ্যে হত্যাকাণ্ডটোৰ কেইবাটাও বিস্ফোৰক তথ্য ফাদিল হৈছে বুলি সংবাদ মাধ্যমৰ আগত আৰক্ষীৰ এক বিশেষ সূত্ৰেই প্ৰকাশ কৰে ।

লগতে পঢ়ক :Guwahati Double Murder: অমৰজ্যোতি দে’ৰ বাসগৃহত ফৰেনছিকৰ অভিযান; পোহৰলৈ বিস্ফোৰক তথ্য

ABOUT THE AUTHOR

...view details