অসম

assam

ETV Bharat / videos

Guwahati security issue: বিহুত চোৰ-ডকাইতৰ ধিতিঙালি প্ৰসংগত CM-CP ৰ পূবা-পশ্চিমা স্থিতি - মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা

By

Published : Jan 13, 2023, 10:33 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

বিহুত নিৰাপত্তাক লৈ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু‌ মুখ্যমন্ত্ৰীৰ বিপৰীত মন্তব্যই বিভ্ৰান্ত কৰিছে ৰাইজক ৷ ‘‘বিহু বুলি ঘৰখন ধোবাংবাঙকৈ এৰি থৈ ওলাই নাযাব ৷ কাৰণ চোৰ-ডকাইতৰ উপদ্ৰৱ বেছি’’ । এই কথা মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বৃহস্পতিবাৰে নিজে স্বীকাৰ কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ওলোটা কথা কোৱাত গুৱাহাটীৰ ৰাইজ বিভ্ৰান্তিত পৰিছে (Guwahati CP remarks on security) । 

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ সংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, ‘‘গুৱাহাটীৰ আৰক্ষী আয়ুক্তই অলপ সাৱধানতা অৱলম্বন কৰাৰ বাবে তেনে কথা কৈছে । নাগৰিকক নিৰাপত্তা দিয়াতো আৰক্ষীৰ দায়িত্ব।" তেওঁ লগতে কয়, ‘‘বিহুত ঘৰলৈ যাবলৈ বিচৰা লোকসকলে ঘৰত দুটা তলা লগাই, কাষৰ‌ মানুহক জনাই নিশ্চিন্ত মনেৰে ঘৰত বিহু খাবলৈ যাব পাৰে । মানুহৰ ঘৰৰ নিৰাপত্তা আৰক্ষীয়ে নিশ্চিত কৰিব । ইয়াকে লৈ ভীতিগ্ৰস্ত হ'ব নালাগে’’ (CM Himanta on Guwahati security issue)।

মন কৰিবলগীয়া যে, বিহুত গুৱাহাটীত থকা মানুহে নিজৰ গাঁৱৰ ঘৰলৈ যোৱাক লৈ গুৱাহাটীৰ আৰক্ষীৰ মূল দায়িত্বত থকা আৰক্ষী আয়ুক্ত আৰু ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দুই ধৰণৰ কথা আৰু পৰামৰ্শক লৈ ৰাইজ বিভ্ৰান্ত হৈ পৰিছে । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেও এনেধৰণে আগদিনা কোনো মন্ত্ৰীয়ে কোৱা‌ কথাৰ ওলোটা কথা‌ পিছদিনা কৈ ৰাইজক বিভ্ৰান্ত কৰাৰ দৃষ্টান্ত আছে । 

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details