অসম

assam

বেলতলাত সভাগৃহৰ ভূমিপূজন কাৰ্যসূচীত মেয়ৰ মৃগেণ শৰণীয়া

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 7:25 PM IST

ETV Bharat / videos

বেলতলাত সভাগৃহৰ ভূমিপূজন কাৰ্যসূচীত মেয়ৰ মৃগেন শৰণীয়া

গুৱাহাটী, ১৭ নৱেম্বৰ : মহানগৰীৰ দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ত শুকুৰবাৰে অনুস্থিত হৈ যায় নতুন সভাগৃহৰ ভূমিপূজন কাৰ্যসূচী । পৌৰ নিগমৰ অধীনত ২০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া সভাগৃহটোৰ ভূমিপূজন কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া ।

ভূমিপূজন কাৰ্যসূচীত উপস্থিত থাকি মেয়ৰগৰাকীয়ে কয় যে মহানগৰীৰ প্ৰতিটো ৱাৰ্ডৰ কাৰণে সৰ্বমুঠ ৬১ টা সভাগৃহৰ উপৰিও ২৭ খন শ্মশান, ৩ টা কবৰ স্থান, ৬০ টা ৰাজহুৱা শৌচালয় নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে । ২০২৪ৰ ডিচেম্বৰ মাহত এইসমূহ কাম সম্পূৰ্ণ হ’ব বুলি মৃগেন শৰণীয়াই জানিবলৈ দিয়ে ।

নিৰ্মাণ সম্পূৰ্ণ হ’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিব বুলিও মেয়ৰগৰাকীয়ে জানিবলৈ দিয়ে । আজিৰ এই ভূমিপূজন অনুষ্ঠানত মেয়ৰৰ লগতে উপস্থিত থাকে পাৰিষদ প্ৰফুল্ল মহন্তকে ধৰি কেবাগৰাকীও স্থানীয় জেষ্ঠ ব্যক্তি ।

লগতে পঢ়ক :Magic Driver Protest at Noonmati : যান-বাহন আৰক্ষীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল শ-শ মেজিক চালক

ABOUT THE AUTHOR

...view details