Ready for Durga immersion : বিসৰ্জনৰ বাবে সাজু গুৱাহাটীৰ চুনচালিৰ জয়পুৰ ঘাট - Durga Puja 2023
Published : Oct 23, 2023, 7:48 PM IST
গুৱাহাটী, ২৩ অক্টোবৰ : ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক কাইলৈ অৰ্থাৎ মঙলবাৰে বিসৰ্জন দিয়া হ’ব । দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা গুৱাহাটীৰ অন্যতম বিসৰ্জন ঘাট মহানগৰীৰ চুনচালিৰ জয়পুৰ ঘাট সম্পূৰ্ণ সাজু হৈ উঠিছে । জিলা প্ৰশাসনৰ উদ্যোগত তৎপৰ হৈছে চূণচালি-জয়পুৰ বিসৰ্জন ঘাট কমিটি, নুনমাটি আৰক্ষী থানাৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা, আভ্যন্তৰীণ জল পৰিবহন নিগম, নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতি, নুনমাটি গাঁওৰক্ষী বাহিনী ।
বিসৰ্জন ঘাটত দিনে-নিশাই প্ৰায় অৰ্ধশতাধিক শ্ৰমিকে কাম কৰাৰ অন্তত ইতিমধ্যে প্ৰায় অধিকাংশ কাম সম্পন্ন হৈছে । কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা মহানগৰীৰ অন্যান্য ঘাটসমূহৰ লগতে বিশেষভাৱে চিহ্নিত চূণচালি জয়পুৰ ঘাটৰ দুৰ্গোৎসৱৰ প্ৰতিমা বিসৰ্জন কাৰ্য সুচাৰুৰূপে সম্পন্ন হোৱাত গুৰুত্ব আৰোপ কৰিছে প্ৰশাসনে ।
উল্লেখ্য যে, বিগত বৰ্ষত মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা অহা এই ঘাটত প্ৰায় ৩৬ খন প্ৰতিমা বিসৰ্জন দিয়া হৈছিল । এইবেলি ৪০ ৰ পৰা ৫০ খন প্ৰতিমা বিসৰ্জন হ’ব বুলি আশা প্ৰকাশ কৰিছে বিসৰ্জন সমিতিৰ বিষয়াববীয়াই । বিজয়া দশমীৰ প্ৰতিমা বিসৰ্জনৰ দিনা নিৰাপত্তাৰ বাবে দুখন জাহাজ, SDRF বাহিনী আৰু আৰক্ষীৰ উপৰিও ৬০ জন স্বেচ্ছাসেৱক নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে ।
আনহাতে, নিৰাপত্তাজনিত কাৰণত পূজা সমিতিৰ মানুহক ঘাটৰ ওচৰলৈ যাবলৈ দিয়া নহ’ব বুলিও জানিব দিয়ে বিসৰ্জন ঘাট কমিটিৰ বিষয়াববীয়াই ।
লগতে পঢ়ক :Maha Navami 2023 : নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত ১০ দিনীয়া কাৰ্যসূচীৰে পূজাৰ মহা আয়োজন