অসম

assam

কৃষ্ণাক্ষী শৰ্মাৰ পূজাৰ উপহাৰ

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 10:51 PM IST

ETV Bharat / videos

Puja Gift to Poor People: যান্ত্ৰিকতাৰ মাজতো মানৱতাৰ লগত উমলিছে গুৱাহাটীৰ কৃষ্ণাক্ষীয়ে

নিউজ ডেস্ক, 21 অক্টোবৰ: এতিয়া পূজাৰ বতৰ ৷ কেউফাল ভৰি পৰিছে ভিন্ন প্ৰকাৰৰ খেলনা, কাপোৰেৰে ৷ পূজা বুলি সাধ্যানুসাৰে প্ৰায়সকলে কিবা নহয় কিবা এপদ ক্ৰয় কৰি নিজকে সন্তুষ্ট কৰিছে অথবা আপোনজনক উপহাৰ হিচাবে দিছে ৷ কিন্তু সকলোৰে বাবে জানো সেয়া সম্ভৱ ! দুবেলা দুমুঠি খোৱাৰ বাবেই যাৰ টনা-আঁজোৰা, তেওঁলোক কিদৰে ডুব যাব ৰঙীন পৃথিৱীখনত! পদপথত নিশা কটোৱাসকলৰ কথাই ভাৱকচোন ৷ কোনোমতে কিবা এমুঠি যোগাৰ কৰি নিজৰ লগতে সন্তানৰ পেটটোক ভোকৰ পৰা ৰক্ষা কৰি আছে ৷ সমুখৰ জনতা পূজাৰ মাদকতাত বিলীন হৈ যোৱাৰ পৰত তেওঁলোকে বা কি ভাবি থাকে! তেওঁলোকৰো হয়তো মন যায় পূজা বুলি সন্তানক নতুন কাপোৰ এসাজ দিবলৈ ৷ কিন্তু অসম্ভৱ ৷ সম্ভ্ৰান্তৰ মহানগৰ গুৱাহাটীৰ পদপথত তেনে লোক সহজলভ্য ৷ যান্ত্ৰিকতাত অভ্যস্ত মহানগৰীয়াৰ প্ৰায়সকলেই নাভাৱে অথবা ভাবিবলৈ সময় নাপায় পদপথৰ নাগৰিকসকলৰ কথা ৷ কিন্তু কৃষ্ণাক্ষী শৰ্মাৰ দৰে একাংশ লোকো মহানগৰত বাস কৰে ৷ যাৰ মনটোত ধনবিহীন জীৱনবোৰৰ চিন্তাই খুন্দিয়াই থাকে ৷ সেয়েহে এই পূজাৰ বতৰত তেনে পৰিয়ালসমূহৰ মুখত অকণমান হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছে গুৱাহাটীৰ কৃষ্ণাক্ষী শৰ্মাই ৷ পদপথত থকা মানৱসম্পদক একোযোৰকৈ কাপোৰ উপহাৰ দি প্ৰকৃত মানৱ জীৱন বিচাৰি লৈছে মহানুভৱতাৰ প্ৰতীক কৃষ্ণাক্ষী নামৰ যুৱতীগৰাকীয়ে ৷

লগতে পঢ়ক:Hindu Muslim harmony: পূৰ্বপুৰুষৰ দিনৰে পৰা মন্দিৰত শ্বেহনাই বজাই আহিছে জাহাংগীৰৰ পৰিয়ালে

ABOUT THE AUTHOR

...view details