অসম

assam

ৰাজপথত অভিনৱ প্ৰতিবাদ

By

Published : Jul 1, 2023, 7:09 PM IST

ETV Bharat / videos

Ahomgaon pathetic road condition:আহোমগাঁওৰ ৰাজপথত অভিনৱ প্ৰতিবাদ

গুৱাহাটী, ১ জুলাই :কি খৰালি কি বাৰিষা, বাৰ মাহে পানীত ডুবি থকা মহানগৰীৰ এটি পথ । গড়চুক আহোমগাঁওৰ এই পথটিয়ে প্ৰতিদিনে যমৰ-যাতনা দিছে অঞ্চলবাসীক । অৱশেষত এই অৱস্থাৰ পৰা পৰিত্ৰাণ বিচাৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণৰ বাবে পুখুৰী সদৃশ ৰাজপথত জাল মাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে । পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত এইয়া আহোমগাঁও আৰু কটকীপাৰা সংযোগী পথৰ এই দুৰৱস্থা । বছৰ বছৰ ধৰি এই পুখুৰী সদৃশ পথটোৰে আহ-যাহ অব্যাহত ৰাখিব লাগে হৈছে ৰাইজে । বিভাগ তথা জনপ্ৰতিনিধিক অনূনয়-বিনয় কৰিও সুফল নোপোৱাত এইদৰে পথত জাল মাৰি অঞ্চলটোৰ পুৰুষ মহিলাই সাব্যস্ত কৰিলে প্ৰতিবাদ ।

উল্লেখ্য যে এই পথটোৰে, সাই বিকাশ, ৰয়েল গ্ল’বলে ইউনিভাৰ্চিটি, দিল্লী পাব্লিক স্কুলকে ধৰি কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অতি বিপদজনক ভাবে যাতায়ত অব্যাহত ৰাখিব লগা হৈছে । তদুপৰি আয়ুৰসুন্দ্ৰা হাস্পতাললৈ যাব লগা একাংশ ৰোগী কঢ়িওৱা এম্বুলেঞ্চ বহু সময়ত পুখুৰী সদৃশ পথটিত আবদ্ধ হৈ পৰে । যাৰ বাবে বহু সময়ত স্থানীয় ৰাইজে ঠেলি হেচি পাৰ কৰিবলগীয়া হৈছে বহু বাহনৰ লগতে ৰোগী কঢ়িওৱা এম্বুলেঞ্চ। তাৰ পিচতো পথটিৰ উন্নয়নৰ ক্ষেত্ৰত কাৰ্যত একো পৰিৱৰ্তন নেদেখি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰি অঞ্চলটোৰ পুৰুষ মহিলাই দাবী তুলিলে পথটি মেৰামতিৰ ।

লগতে পঢ়ক :Assam flood update: বানৰ প্ৰভাৱ হ্ৰাস পালেও সীমাহীন দুখ-দুৰ্গতিৰ মাজত বানাক্ৰান্ত ৰাইজ

ABOUT THE AUTHOR

...view details