অসম

assam

Guru Nanak Jayanti 2022: লংকাত উলহ মালহৰে উদযাপন গুৰুনানক জয়ন্তী

By

Published : Nov 8, 2022, 9:16 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

আজি শিখ সম্প্ৰদায়ৰ লোকসকলে পালন কৰিছে শিখ ধৰ্মৰ প্ৰচাৰক গুৰুনানকৰ জন্ম উৎসৱ(Guru Nanak Jayanti 2022) । ১৪৬৯ খ্ৰীষ্টাব্দত আজিৰ দিনটোতে উত্তৰ ভাৰতৰ পঞ্জাৱ, বৰ্তমানৰ পাকিস্তানৰ অন্তৰ্গত তলৱান্দীত শিখ গুৰুজনাই জন্ম গ্ৰহন কৰিছিল । আজি শিখগুৰু শ্ৰী গুৰুনানক দেৱৰ ৫৫৩ সংখ্যক জন্ম দিৱস । জন্ম দিৱসৰ লগত সঙ্গতি ৰাখি শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰে প্ৰকাশ উৎসৱ । গুৰুনানকৰ জন্মোৎসৱ উপলক্ষ্যে বিশ্বৰ সকলো গুৰুদ্বাৰতে শিখ ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহ তথা ধৰ্মীয় ৰীতি-নীতিৰ মাজৰে প্ৰকাশ দিৱস পালন কৰা দেখা যায় । ব্যতিক্ৰম নহয় হোজাই জিলাৰ লংকাও(Guru Nanak Jayanti celebration in Hojai) । লংকাস্থিত গুৰুদ্বাৰতো নিশাৰে পৰা গুৰুদ্বাৰ প্ৰাঙ্গণত বিভিন্ন ধৰণৰ আতচবাজীৰ লগতে প্ৰভাত ফেৰিৰ সেৱাৰ লগতে অখণ্ড পাঠৰ কায্যসূচী আয়োজন কৰা হয় ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details