হোজাইৰ ৰাজপথত শিখ সমাজৰ গুৰু কা লংগৰ সেৱা - মহাৰাজ শ্ৰীগুৰু গোবিন্দ সিংজী
Published : Dec 25, 2023, 10:48 PM IST
হোজাই, ২৫ ডিচেম্বৰ :মোগলৰ হাতত শ্বহীদ হোৱা মহাৰাজ শ্ৰীগুৰু গোবিন্দ সিংজীৰ পৰিয়াল আৰু শিখসকলৰ স্মৃতিত প্ৰতিবছৰে ডিচেম্বৰ মাহত শিখ সমাজে উদযাপন কৰি আহিছে শ্বহীদি সপ্তাহ ৷ এই শ্বহীদি সপ্তাহ উদ্দেশ্য লংকাতো আয়োজন কৰা হয় এই অনুষ্ঠানৰ ।
লংকা বাবা ফাটেই সিংজী সেৱা দলৰ উদ্যোগত ২১ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ শ্বহীদি সপ্তাহ উদযাপনৰ লগতে ভাত আৰু চাহ বিতৰণেৰে ৰাইজক গুৰু কা লংগৰ সেৱা আগবঢ়োৱা হয় । সোমবাৰে লংকাৰ ৰাজপথত পথচাৰী আৰু ৰাইজক দিনৰ ভাগত দুপৰীয়া ১ বজাৰ পৰা ৩ বজালৈ ভাত আৰু সন্ধিয়া ৫ বজাৰ পৰা ৮ বজালৈ চাহ-বিস্কুটৰে লংগৰ সেৱা আগবঢ়োৱা হয় ।
তাৰ পাচত শিখ সমাজৰ সংগতসকলে নিজ হাতে ৰন্ধা-বঢ়া কৰি গুৰু কা লংগৰ বিতৰণ কৰাৰ লগতে ৰাইজে লংগৰ গ্ৰহণ কৰা পাচত বাচন বর্তনসমূহো নিজ হাতে ধুই চাফা কৰে । হোজাই জিলাৰ লংকাত প্ৰথমবাৰৰ বাবে বাবা ফাটেহ সিংজী সেৱা দলৰ উদ্যোগত বিনামূলীয়াকৈ আগবঢ়োৱা গুৰু কা লংগৰ সেৱা বহু পথচাৰী আৰু ৰাইজে গ্ৰহণ কৰা পৰিলক্ষিত হয় ।
উল্লেখ্য যে, মহাৰাজ শ্ৰীগুৰু গোবিন্দ সিংজীৰ পৰিয়াল আৰু তেওঁৰ সংগতসকল শ্বহীদ হোৱাৰ স্মৃতিত প্ৰতিটো বছৰৰ ২১ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈ শ্বহীদি সপ্তাহ আৰু ২৮ ডিচেম্বৰj দিনটো শ্বহীদি দিৱস হিচাবে উদযাপন কৰি অহা হৈছে ।
লগতে পঢ়ক :শান্তিচুক্তিৰ সময় সমাগত: আলফাৰ প্ৰতিনিধিৰ লগতে গৃহ বিভাগৰ শীৰ্ষ আমোলাৰ দলো উপস্থিত দিল্লীত