অসম

assam

মানপত্ৰ আৰু মাননি বিতৰণ কাৰ্যসূচী

ETV Bharat / videos

Guinness world record making bihu dance:বঙাইগাঁৱত প্ৰমাণপত্ৰ আৰু মাননি বিতৰণ কৰিলে মন্ত্ৰী কেশৱ মহন্তই

By

Published : Jun 30, 2023, 8:37 PM IST

বঙাইগাঁও, 30 জুন :  শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন জিলাত গীনিজ বুক অৱ্ ৱৰ্ল্ড ৰেকৰ্ডছত অংশগ্ৰহণ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা শিল্পীসকলক মানপত্ৰ আৰু মাননি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ বঙাইগাঁও জিলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত ৷ বঙাইগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হয় এই মানপত্ৰ আৰু মাননি বিতৰণ কাৰ্যসূচী ৷ বিহুনৃত্যৰ বিশ্ব অভিলেখ গঢ়া শিল্পীসকলক প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠানত উপস্থিত মন্ত্ৰী কেশৱ মহন্ত ।

চলিত বছৰৰ ১৪ এপ্ৰিল তাৰিখে ৰাজ্যৰ মুঠ 11304 গৰাকী বিহুৱা-বিহুৱতীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে বিহুনাচ প্ৰদৰ্শন কৰি অসমৰ বাপতি সাহোন বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰে ৷ এই কাৰ্যসূচীত অংশ লৈ বিশ্ব অভিলেখ গঢ়া বঙাইগাঁৱৰ ১০৫ গৰাকী শিল্পীক প্ৰমাণপত্ৰ আৰু মাননি প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিধায়ক ফণী ভূষণ চৌধুৰী আৰু উপস্থিত থকা অন্যান্য অতিথিসকলে ।

উক্ত অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়ক ফণী ভূষণ চৌধুৰী, KAC অধ্যক্ষ হিতেশ্বৰ বৰ্মন, মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মন, জিলা উপায়ুক্ত নৱদ্বীপ পাঠক, জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত থাকে ৷

লগতে পঢ়ক :Jorhat district establishment day:যোৰহাট জিলা দিৱস উদযাপনৰ দ্বিতীয় দিনা বিহুৱা-বিহুৱতীক বিতৰণ মাননি আৰু মানপত্ৰ

ABOUT THE AUTHOR

...view details