Scam in guard wall construction in Nalbari: নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই নলবাৰীত খহি পৰিল গাৰ্ড ৱাল - Scam in guard wall construction in Nalbari
নলবাৰী, ১৮ জুন: ৰাজ্যত বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে খহিছে পাহাৰ, উভালি পৰিছে গছ । ইয়াৰ মাজতেই নেৰানেপেৰা বৰষুণৰ ফলত নলবাৰী কলেজ চ'কৰ নৱাৰুণ ক্লাৱৰ পুখুৰীত খহি পৰিল এখন গাৰ্ড ৱাল । এই গাৰ্ড ৱালখন খহি পৰাত আতংকিত হৈছে ৰাইজ । নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহওঁতেই পুখুৰীৰ পাৰৰ গাৰ্ড ৱালখন খহি পৰাত ক্ষুব্ধ হৈছে স্থানীয় লোকসকল ।
বিগত এবছৰে নিৰ্মাণ কৰি থকা গাৰ্ড ৱালখনৰ নিৰ্মাণ কাৰ্যত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ গাৰ্ড ৱালখন খহি পৰাত যিকোনো মুহূৰ্ততে অঞ্চলটোৰ প্ৰতিঘৰ লোকৰ ঘৰৰ ভিতৰত পানী সোমাব পাৰে । জিলা প্ৰশাসনক অতি শীঘ্ৰে ইয়াৰ এক উচিত তদন্ত কৰি ৰাইজক এই শংকাৰ পৰা উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে ।