Green Holi in Nalbari : নলবাৰীৰ শ্ৰীশ্ৰী শ্যামৰায় সত্ৰত গ্ৰীণ হোলী উদযাপন - সাৰ্বজনীন দৌল মহোৎসৱ
নলবাৰী, 9 মাৰ্চ : ফাগুনৰ আবিৰৰ ৰঙত মতলীয়া ৰাজ্যবাসী (Holi 2023) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নলবাৰীতো ৰঙৰ উৎসৱ ফাকুৱাত মতলীয়া হৈছে সকলো নলবাৰীবাসী (Holi in Nalbari) । নলবাৰী পৌৰসভাৰ উদ্যোগত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী শ্যামৰায় সত্ৰ সাৰ্বজনীন দৌল মহোৎসৱ সমিতিৰ সহযোগত মালিকুছিৰ শ্ৰীশ্ৰী শ্যামৰায় সত্ৰ প্ৰাংগণত বুধবাৰে ‘‘গ্ৰীণ হোলী’’ উদযাপন কৰা হয় (Green Holi Celebrate In Nalbari)।
এই ‘‘গ্ৰীণ হোলী’’ শীৰ্ষক কাৰ্যসূচীত জৈৱিক ৰং, বাঁহৰ ফিচকাৰি, ফুলৰ হোলী আৰু সম্পূর্ণ প্লাষ্টিক মুক্ত হোলী উদযাপন কৰা হয় । সম্পূর্ণ জৈৱিক পদ্ধতিৰে নিৰ্মাণ কৰা ৰং, কোনোধৰণৰ প্লাষ্টিক ব্যৱহাৰ নকৰাকৈ শ শ ৰাইজে আনন্দ উল্লাহেৰে উদযাপন কৰা দেখা গ’ল ৰঙৰ উৎসৱ হোলী (Green Holi in Nalbari ) ।
উল্লেখ্য যে, বুধবাৰে আয়োজিত উক্ত অনুষ্ঠানত নলবাৰী পৌৰসভাৰ কাৰ্যবাহী বিষয়া চয়নিকা ঠাকুৰীয়া, নগৰাঞ্চলৰ প্ৰকল্প বিষয়া তন্ময় চক্ৰৱৰ্তী, নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰৰ লগতে বহুতো লোক উপস্থিত থাকে ।
লগতে পঢ়ক :Lathmar Holi in Barsana : মংগলবাৰে বৰছানাবাসীয়ে উদযাপন কৰিব লাথমাৰ হোলী