Govt schemes nameplate demolished: দুষ্কৃতিকাৰীয়ে এফালৰ পৰা ভাঙিছে চৰকাৰী আঁচনিৰ নামফলক - Govt schemes nameplate demolished
নাহৰকটীয়া, ৩১মে’ : কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নিজা পঞ্চায়ত টিপলিং পঞ্চায়তৰ পুৰণি কৈৱৰ্ত গাঁৱত সংঘটিত হৈছে এক আজৱ কাণ্ড। কোনো দুষ্কৃতিকাৰীয়ে এফালৰ পৰা ভাঙি পেলাইছে চৰকাৰী আঁচনিৰ নামফলক (Govt schemes nameplate demolished )। উল্লেখ্য যে, পঞ্চায়তে ৰূপায়ন কৰা বিভিন্ন আঁচনিৰ 6 খনকৈ নামফলক ভাঙি পেলোৱাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। এন্ধাৰৰ সুযোগ লৈ কোনো দুষ্টচক্ৰই এই অসৎ কাৰ্য সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰি গাওঁবাসীয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে জিলা প্ৰশাসনক উচিত তদন্ত কৰি দুষ্ট চক্ৰটোক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আহ্বান জনাইছে গাঁওবাসীয়ে ৷