অসম

assam

মৰাণত দুৰ্গা পূজাৰ প্ৰস্তুতি

ETV Bharat / videos

Durga Puja 2023 : মৰাণত ৫০ বছৰ গৰকা সাৰ্বজনীন দুর্গা পূজা উদ্বোধন কৰিব ৰাজ্যপালে - পূজা কমিটী

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 4:58 PM IST

ডিব্ৰুগড়, 19 অক্টোবৰ : শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন বাকী ৷ সমগ্র ৰাজ্যৰ লগতে মৰাণতো দুৰ্গা পূজাৰ প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন হৈছে ৷ মৰাণৰ ৰাধা-কৃষ্ণ মন্দিৰত অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী সাৰ্বজনীন দুর্গা পূজাই এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে ৷

৫০ বছৰ গৰকা সাৰ্বজনীন দুর্গা পূজাখনি অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই বৃহস্পতিবাৰে সন্ধিয়া উদ্বোধন কৰিব ৷ ৰাজ্যপালগৰাকীৰ আগমনক লৈ পূজা কমিটীৰ লগতে চৰাইদেউ জিলা প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে সমগ্ৰ অঞ্চলটোত ৷ ৰাজ্যপালগৰাকীৰ লগত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, কেবিনেট মন্ত্ৰী যোগেন মহনো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক :Himanta Biswa Sarma in Nalbari : নলবাৰীৰ বিহামপুৰ বাৰোৱাৰী দুৰ্গা পূজাত বন্তি প্ৰজ্বলন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details