Governor in Nalbari: নলবাৰীৰ সংস্কৃত বিশ্ববিদ্যালয়ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া - Kumar Bhaskar Varma University of Sanskrit
নলবাৰী,১ এপ্ৰিল: শনিবাৰে নলবাৰীত উপস্থিত হয় অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া । নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত (Kumar Bhaskar Varma University of Sanskrit) উপস্থিত হৈ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই কৃষ্ণকান্ত সন্দিকৈ মুক্ত নিলাক্ষ্যৰ শুভাৰম্ভ কৰে(Governor Gulab Chand Kataria in Sanskrit University) ৷ উক্ত অনুষ্ঠানৰ পিছতে ৰাজ্যপালগৰাকীয়ে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
উক্ত মত বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে সংস্কৃত ভাষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায় (Governor Gulab Chand Kataria) ৷ ইফালে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত অসমৰ ভিতৰত প্ৰথম নলবাৰীৰ সংস্কৃত বিশ্ববিদ্যালয়লৈ আহি অভিভূত হোৱা বুলি উল্লেখ কৰে ৰাজ্যপালগৰাকীয়ে ৷ লগতে তেওঁ কয় যে কুমাৰ ভাস্কৰ বৰ্মাৰ দৰে এগৰাকী নমস্য ব্যক্তিৰ নামেৰে নামকৰণ কৰা এখন বিশ্ববিদ্যালয়ত উপস্থিত হ'ব পৰাতো তেওঁৰ কাৰণে সৌভাগ্য । উল্লেখ্য যে নলবাৰীৰ নমাটিৰ সংস্কৃত বিশ্ববিদ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বে ৰাজ্যপালগৰাকীয়ে কৃষি বিশ্ববিদ্যালয়খন পৰিদৰ্শন কৰে বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক:Prateek Hajela: ৰাকেশ পালৰ খালী ঠাই পূৰণ কৰি জে’লৰ ৰান্ধনী কৰক হাজেলাক: অভিজিৎ শৰ্মা