অসম

assam

ETV Bharat / videos

Scam in Agriculture dept: কৃষি বিভাগত চলি থকা দুৰ্নীতি উদঙালে বিধায়ক মৃণাল শইকীয়াই - Mrinal Saikia sudden visit

By

Published : Dec 13, 2022, 1:51 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

কৃষিমন্ত্ৰীৰ গৃহজিলা গোলাঘাটৰ কৃষি বিভাগত ব্যাপক অনিয়ম চলাৰ অভিযোগ (Allegation of Scam in Agriculture department) । সাধাৰণ কৃষকে এটা চহীৰ বাবে তাঁতবাতি কৰিব লাগে কৃষি বিষয়াৰ কাৰ্যালয়লৈ । ৫০০ টকা নিদিলে BLW এ কৃষকৰ কাম নকৰাৰ অভিযোগ উঠিছে । তাৰ মাজতেই খুমটাইৰ বিধায়ক মৃণাল শ‌‌ইকীয়াৰ চাডেন ভিজিট গোলাঘাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত (Mrinal Saikia sudden visit in Golaghat)। বিনোদ গগৈ নামৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত গোলাঘাট জিলা কৃষি বিষয়াক জবাবদিহি কৰিলে বিধায়কগৰাকীয়ে । অভিযোগ মতে, গুদামত দ'মে দ'মে বীজ পৰি থকাৰ পাছতো নানা অজুহাতত কৃষকে নাপায় বীজ । সামান্য কামৰ বাবে কৃষকক হাৰাশাস্তি কৰা বুলি বিধায়কগৰাকীক আপত্তি দৰ্শাইছিল একাংশ ৰাইজে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

...view details