অসম

assam

বৰপেটাত হেঁপাহৰ গৰু বিহু পালন

ETV Bharat / videos

Goru bihu celebration : বৰপেটাত হেঁপাহৰ গৰু বিহু পালন - বিজেপিৰ সভাপতি অনিল কুমাৰ দাস

By

Published : Apr 14, 2023, 5:16 PM IST

বৰপেটা, ১৪ এপ্ৰিল : আজি গৰু বিহু (Goru bihu 2023) ৷ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো উলহ মালহেৰে পালন কৰা হয় গৰু বিহু (Bihu celebration across Assam) ৷ শুকুৰবাৰে পুৱাতে ৰাইজে গৰুৰ গাত মাহ-হালধি সানি বিল, পুখুৰী আদিত দীঘলতী, মাখিয়তীৰে গৰু গা ধুৱাই (Goru Bihu celebrates across Assam) ৷ বৰপেটাত বিভিন্ন সম্প্ৰদায়, ভাষা-ভাষী লোকেও অসমীয়াৰ বিহুটি উলহ মালহেৰ পালন কৰি আহিছে । 

এইবেলিও বৰপেটাৰ নিকটৱৰ্তী মাধৱ নগৰৰ বাংলা ভাষী লোকসকলে গৰু বিহু পালন কৰা পৰিলক্ষিত হয় । হিন্দু জাগৰণ মঞ্চ বৰপেটাৰ উদ্যোগত বিগত কেবাবছৰৰ দৰে এইবাৰো মাধৱ নগৰত গৰু বিহুৰ আয়োজন কৰা হয় । অঞ্চলটোৰ কাষেৰে বৈ যোৱা চাউলখোৱা নদীৰ পাৰত আয়োজিত বিহুৰ কাৰ্যসূচীত স্থানীয় লোকসকলে অসমীয়াৰ পৰম্পৰাগত নীতি নিয়মেৰে গৰু বিহু পালন কৰে ।

ইয়াত অঞ্চলটোৰ বাহিৰৰ বহু লোকেও অংশগ্ৰহণ কৰে । বিহু কেৱল যে অসমীয়াৰে হৈ থকা নাই সেই কথা এই অঞ্চলটোৰ বাংলাভাষী লোকসকলেও প্ৰতিবছৰে পালন কৰি অহা গৰু বিহুৱেই প্ৰমাণ কৰে।

লগতে পঢ়ক:Ketaki flower blooming : কেতেকীৰ সুবাসত আমোলমোল বিহপুৰীয়াৰ বদতি জামুগুৰি

এই অনুষ্ঠানত উপস্থিত থকা বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসে ৰাইজক বিহুৰ শুভেচ্ছা জনাই কয় যে গোধনৰ প্ৰতি অসমীয়া ৰাইজৰ মৰম আৰু শ্ৰদ্ধা গৰু বিহুৰ জৰিয়তে প্ৰকাশ পাই আহিছে । গৰুৰ লগত বিজ্ঞানো জড়িত আছে ৷ গৰুৰ গোবৰ হ'ল উৎকৃষ্ট সাৰ । গৰুৱে মানৱ সমাজক অৱদান আগবঢ়াই আহিছে ৷ গৰু বিহুৰ জৰিয়তে অসমীয়া লোকে গৰুক শ্ৰদ্ধা , যাচি আহিছে ।

ABOUT THE AUTHOR

...view details