অসম

assam

কথমপি ৰক্ষা পৰিল এখন নামনিমুৱা মালবাহী ৰে'ল

ETV Bharat / videos

Kokrajhar train mishap: দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মালবাহী ৰে'ল - Goods train Engine Delinked

By

Published : Jun 3, 2023, 7:47 PM IST

কোকৰাঝাৰ, 3 জুন : কোকৰাঝাৰত শনিবাৰে দুৰ্ঘটনাৰ পৰা  কথমপি ৰক্ষা পৰিল এখন নামনিমুৱা মালবাহী ৰে'ল ৷ ওড়িষাৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনাৰ পিছতো সাৱধানতা অৱলম্বন নকৰা ৰে'ল বিভাগৰ গাফিলতিৰ বাবেই আজি এখন মালবাহী ৰে'লৰ ইঞ্জিন দবাৰ পৰা সংযোগ বিচ্ছিন্ন হয় (Goods train Engine Delinked in Kokrajhar) ৷

কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত সংঘটিত হয় এই ঘটনা (Kokrajhar News) ৷  ঘটনাৰ পিছত ৰে'লখনৰ ইঞ্জিনটো দবা অবিহনে প্ৰায় ছশ মিটাৰমান আগবাঢ়ি যায় আৰু ইঞ্জিনবিহীন দবাটো এটা সময়ত ট্ৰেকত ৰৈ যায় (Goods train Engine Delinked) ৷ 

পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰে'ল বিভাগৰ বিষয়া- কৰ্মচাৰী উপস্থিত হৈ দবাৰ সৈতে ইঞ্জিনটো পুনৰ সংযোগ কৰে ৷ প্ৰায় আধাঘণ্টাৰো অধিক সময়ৰ পিছত মালবাহী ৰে'লখন পুনৰ যাত্ৰা কৰিবলৈ সক্ষম হয় (Train Engine Delinks from Bogies in Kokrajhar) ৷

লগতে পঢ়ক:Odisha Triple Train Accident : কৱচ সুৰক্ষা প্ৰণালীৰ অভাৱতে দুৰ্ঘটনা; ওড়িশাৰ ৰে'ল দুৰ্ঘটনাৰ পিছত অভিযোগ

ABOUT THE AUTHOR

...view details