অসম

assam

মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ

ETV Bharat / videos

Nalbari news: মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠৰ সোণালী জয়ন্তী সমাৰোহ - Golden Jubilee news of Nalbari

By

Published : Aug 20, 2023, 6:40 PM IST

নলবাৰী, ২০ আগষ্ট: নলবাৰী চহৰস্থিত স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয় । ১৯৭৩ চনত দানবীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ প্ৰচেষ্টাত স্থাপীত হৈছিল স্ত্ৰী শিক্ষাৰ এই শিক্ষানুষ্ঠানখন । আজি অৰ্থাৎ দেওবাৰে সোণালী জয়ন্তী বৰ্ষ পৰিচালনা সমিতিৰ উদ্যোগত উদযাপিত হয় সোণালী জয়ন্তী বৰ্ষ ।

ইপিনে, পুৱা সোণালী বৰ্ষৰ পতাকা উত্তোলনৰে কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰঞ্জনা ভট্টচাৰ্যই আঁতধৰা এই অনুষ্ঠানটোত পতাকা উত্তোলন কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাসহ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দীপা বৰুৱা আৰু পঞ্চাশ গৰাকী বিশিষ্ট ব্যক্তিয়ে ।

পতাকা উত্তোলন কৰি ভাষণত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ লগতে স্ত্ৰী শক্তিৰ বিষয়েও উল্লেখ কৰে । তেওঁ লগতে নতুন শিক্ষানীতিৰ কথাও উল্লেখ কৰে। ইয়াৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰী আৰু শিক্ষকে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে । উল্লেখ্য যে এই সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান পুনৰ অহা ডিচেম্বৰত ৰূপায়িত হ'ব বুলি বিদ্যালয় কৰ্তৃপক্ষই সদৰী কৰিছে ।

লগতে পঢ়ক:Symptoms of heatstroke: হিট ষ্ট্ৰ’কৰ লক্ষণ তথা ল’ব লগীয়া সাৱধানতাসমূহ কি কি ?

ABOUT THE AUTHOR

...view details