Morigaon Municipality: মৰিগাঁও পৌৰসভাৰ সোণালী জয়ন্তীৰ সামৰণি - MLA Ramakant Deori
মৰিগাঁও, ৯ এপ্রিল: দুদিনীয়াকৈ শনিবাৰৰ পৰা আৰম্ভ হোৱা মৰিগাঁও পৌৰসভাৰ সোণালী জয়ন্তী উৎসৱৰ আজি অন্তিম দিন (Golden Jubilee of Morigaon Municipality)। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰথম দিনা বিহুতলীত প্ৰাংগণত পুৱা ৭ বজাত পৌৰসভাৰ সকলো ৱাৰ্ডতে অনুষ্ঠিত হয় স্বচ্ছ ভাৰতৰ কাৰ্যসূচী । কাৰ্যসূচী অনুসৰি সজাগতা মূলক বাটৰ নাট, পৌৰসভাৰ বিভিন্ন ৱাৰ্ড আৰু ৰাজহুৱা স্থানত বৃক্ষ ৰোপণৰ পিছতেই ৫০ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫০খন পতাকা উত্তোলন কৰা হয় । মূল পতাকা উত্তোলন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে (MLA Ramakant Deori)।
পতাকা উত্তোলন কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে, চাওঁতে চাওঁতে ১৯৭৩ চনত গঠন কৰা মৰিগাঁও পৌৰসভাই সুদীৰ্ঘ পঞ্চাশটা বৰ্ষ গৰকাটো সকলোৰে বাবে সৌভাগ্যৰ বিষয় । মৰিগাঁওবাসীক পৌৰসভাখনক উন্নয়নৰ দিশত আগুৱাই নিবলৈ তেওঁ আহবান জনাই । ইয়াৰ পিছতে উপায়ুক্ত দেৱাশীষ শৰ্মাই পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি আৰু ৱাৰ্ড কমিছনাৰ সকলৰ উৎসাহ আৰু সেৱা মনোভাৱৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।
আনহাতে, ইয়াৰ লগত সংগতি ৰাখি অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিধায়ক তথা অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই । পৌৰপতি যুগেশ তামুলী, উপ পৌৰপতি পিংকুমণি দাসৰ লগতে পতাকা উত্তোলকে সদ্য প্ৰয়াত ৭নং ৱাৰ্ড কমিছনাৰ নাৰ্জু বেগম, পৌৰসভাৰ কৰ্মী জিতু বৰা, চিলক জিতু বৰাকে ধৰি কেইবাগৰকী ব্যক্তিৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । দুপৰীয়া ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা । আজি অন্তিম দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় ।
লগতে পঢ়ক:Rangali Bihu 2023: বিহুৰ সৈতে জড়়িত প্ৰতিবিধ লোকবাদ্য গঢ়ি তুলিছে মাকুমৰ প্ৰফুল্ল খাউণ্ডে