অসম

assam

টিংখাঙৰ চহৰীকটা উঃমা বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 4:23 PM IST

ETV Bharat / videos

টিংখাঙৰ চহৰীকটা উঃমা বিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

ডিব্ৰুগড়, 9 ডিচেম্বৰ : মৰাণৰ সমীপৰ টিংখাঙৰ চহৰীকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বর্ষৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ 7 ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বিদ্যালয়খনৰ সোণালী জয়ন্তী বর্ষৰ সামৰণি অনুষ্ঠানৰ শনিবাৰে অন্তিম দিন আছিল ৷ আন্তিম দিনৰ কাৰ্যসূচী হিচাপে আজি পুৱাৰ ভাগতে শৈক্ষিক আৰু সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়  ৷ কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত ৷

ইফালে দুপৰীয়াৰ ভাগত বক্তৃতা আগবঢ়াই জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মাই ৷ ইয়াৰ পিচতে ক্ৰমে সম্বৰ্ধনা আৰু মুকলি সভা অনুষ্ঠিত হয় ৷ আনহাতে, মুকলি সভাত সভাপতিত্ব কৰে মন্ত্ৰী বিমল বড়াই ৷ মুখ্য অতিথি হিচাপে উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷ নিশাৰ ভাগলৈ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাসে গীতৰ শৰাই আগবঢ়াব বুলি উল্লেখ কৰে উদ্যোক্তাই ৷

লগতে পঢ়ক :কিনকিনীয়া বৰষুণক নেওচি নাহৰকটীয়াত আৰম্ভ খেল মহাৰণ

ABOUT THE AUTHOR

...view details