অসম

assam

গোলাঘাটত আৰক্ষী আৰু জনসাধাৰণৰ পোনপটীয়া সাক্ষ্যৎকাৰ

By

Published : Feb 14, 2023, 10:08 AM IST

ETV Bharat / videos

Assam Police hears civilians grievances: গোলাঘাটত আৰক্ষী বিষয়াই শুনিলে সাধাৰণ জনতাৰ অভিযোগ

গোলাঘাট,১৪ ফ্ৰেব্ৰুৱাৰী:অসম আৰক্ষীত ব্যাপক সংস্কাৰ অনাৰ লক্ষ্যৰে সোমবাৰৰ পৰা কেইবাটাও নতুন পৰিকল্পনা হাতত লৈছে (Massive reforms in Assam Police)  । এই নতুন পৰিকল্পনা অনুসৰি সাধাৰণ ৰাইজৰ অভাৱ-অভিযোগৰ বুজ ল'বলৈ প্ৰতিখন জিলাৰ মুখ্য কাৰ্যালয়ত প্ৰতিটো দিনতে এজনকৈ অধীক্ষক পৰ্যায়ৰ বিষয়া থকাতো বাধ্যতামূলক বুলি উল্লেখ কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে (Assam police new rules regulations) । সাধাৰণ জনতা আৰু আৰক্ষীৰ মাজৰ যি সম্পৰ্ক তাক উন্নত কৰা তথা অভাৱ-অভিযোগসমূহ শীঘ্ৰে নিষ্পত্তি কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । 

অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশনা(G P Singh new directive to Assam Police) অনুসৰি ৰাজ্যৰ প্ৰতিখন জিলাত থকা আৰক্ষীৰ কাৰ্যালয়ত সাধাৰণ ৰাইজলৈ এই সেৱা আগবঢ়াবলৈ একোগৰাকীকৈ অধীক্ষক পৰ্যায়ৰ আৰক্ষী বিষয়াক থাকিব লাগিব (Assam Police efforts to redress public grievances)। নিয়োজিত বিষয়াসকলে সোমবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসম আৰক্ষীৰ কাৰ্যালয়সমূহত পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ উপস্থিত থাকি সাধাৰণ ৰাইজৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হয় ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাইছে গোলাঘাট আৰক্ষীয়েও ।  জনসাধাৰণৰ সমস্যা পোনপটীয়াকৈ নিষ্পত্তি কৰিবৰ বাবে অসম আৰক্ষীয়ে গ্ৰহণ কৰা এই পদক্ষেপ সোমবাৰৰ পৰা গোলাঘাটতো শুভাৰম্ভ কৰা হয় (Golaghat police begins public grievance redressal) । সোমবাৰে গোলাঘাটত অভিযোগকাৰী সকলৰ সাক্ষাৎ গ্ৰহণ কৰে গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিতে । 

গোলাঘাট জিলা সদৰৰ উপৰিও মহকুমা সদৰতো এই সাক্ষাৎ গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে । দিনৰ ১১:৩০ বজাৰ পৰা ১:৩০ বজালৈকে জনসাধাৰণে পোনপটীয়াকৈ নিজৰ অভাৱ অভিযোগ জনাব পাৰিব আৰক্ষী বিষয়াসকলক । নিশ্চিতভাৱে এই পদক্ষেপৰ জৰিয়তে আৰক্ষী আৰু জনসাধাৰণৰ মাজত এক ভাল সম্বন্ধ গঢ় লৈ উঠাৰ লগতে সাধাৰণ ৰাইজ উপকৃত হ'ব আৰু প্ৰকৃতাৰ্থত অসম আৰক্ষীৰ 'জনহিত জনসেৱাৰ্থে' বাণী সাৰ্থক হ'ব বুলি আশা কৰা হৈছে । 

লগতে পঢ়ক: Air pollution in Guwahati: বায়ু প্ৰদূষণ ৰোধৰ বাবে কি পৰামৰ্শ দিলে পৰিৱেশ বিজ্ঞানী মনোজ শইকীয়াই ?

ABOUT THE AUTHOR

...view details