Bhupen Hazarika death anniversary: গোলাঘাটত আছুৰ উদ্যোগত পালন সুধাকণ্ঠৰ মৃত্যু দিৱস - 11th death anniversary of Bhupen Hazarika
ৰাজ্যজুৰি পালন কৰা হৈছে অসমীয়াৰ স্বাভিমান ড৹ ভূপেন হাজৰিকাৰ ১১ সংখ্যক মৃত্যু বাৰ্ষিকী (11th death anniversary of Bhupen Hazarika)। বিভিন্ন জিলাৰ লগতে গোলাঘাটতো স্মৰণ কৰা হৈছে শিল্পীগৰাকীক । সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু গোলাঘাটৰ ড° ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতিৰ যৌথ উদ্যোগত 'সুধাকণ্ঠ ড° ভূপেন হাজৰিকা স্মৃতি দিৱস'ৰ আয়োজন কৰা হৈছে (AASU observed Bhupen Hazarika death anniversary)। শনিবাৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় সুধাকণ্ঠগৰাকীৰ মৃত্যু বাৰ্ষিকী । মৃত্যু বাৰ্ষিকীৰ অনুষ্ঠানত আছুৰ শতাধিক নেতা-কৰ্মীৰ লগতে অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিও উপস্থিত থাকে । অনুষ্ঠানৰ লগত সংগতি ৰাখি ড৹ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত লোকসকলে ।
Last Updated : Feb 3, 2023, 8:31 PM IST