অসম

assam

বিলাসী বাহন লৈ অহা ছাগলী চোৰৰ বিলৈ

ETV Bharat / videos

Crime in Biswanath: বিলাসী বাহন লৈ অহা ছাগলী চোৰৰ বিলৈ

By

Published : Jul 11, 2023, 6:52 AM IST

বিশ্বনাথ, 11 জুলাই : এইবাৰ বিলাসী বাহনত ছাগলী চুৰি কৰিবলৈ গৈ গণ ৰোষত চাৰি চোৰ । আনকি চোৰে ছাগলী চুৰি কৰিবলৈ ব্যৱহাৰ কৰা বিলাসী বাহনখনো ভাঙি চূচুৰ্মৈ কৰে ক্ষোভিত ৰাইজে । এই ঘটনা সংঘটিত হৈছে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বৰজাৰণি তথা জিনজিয়া আৰক্ষী থানা অন্তৰ্গত তিনিসুতি গাওঁত । 

আন দিনাৰ দৰে সোমবাৰে বিয়লি উক্ত অঞ্চলত চাৰিজনীয়া চোৰৰ দল এটাই এখন বিলাসী গাড়ী লৈ আহিছিল ছাগলী চুৰি কৰিবলৈ । কিন্তু ছাগলী চুৰি কৰি বিলাসী বাহনত ভৰাই থকা সময়তে প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । লগে লগে ৰাইজে চোৰকেইটাক উত্তম-মধ্যম দিয়ে যদিও সুযোগ বুজি পলায়ন কৰে । ইয়াৰ পিচতে তিনিসুতি আৰক্ষী চাউনিত খবৰ দিয়াত আৰক্ষীৰ সহায়ত ৰাইজে খেদি খেদি কৰায়ত্ত কৰে চোৰৰ দলটোক । 

ছাগলী চোৰকেইটা চতিয়াৰ চৰাইজনীয়া গাঁৱৰ সোণটি আলী, আনোৱাৰ, বাবু আৰু নুৰুল বুলি জানিবলৈ পৰা গৈছে । আনহাতে, চোৰক আক্রমণ কৰা ঘটনাটোত একাংশই গৰিহণা দিছে ৷ আইন হাতত তুলি লোৱাটো একাংশ লোকে কোনোকাৰণতে সহজভাৱে ল’বলৈ পৰা নাই বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ।

লগতে পঢ়ক :Journalist Gautam Hazarika passes away:অকালতে চিৰ বিদায় মাগিলে সাংবাদিক গৌতম হাজৰিকাই

ABOUT THE AUTHOR

...view details