অসম

assam

চিপ লৈ আত্মহত্যা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ আইভি শৰ্মাৰ

ETV Bharat / videos

Dr Ivy Sharma Suicide: চিপ লৈ আত্মহত্যা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ আইভি শৰ্মাৰ - ডাঃ আইভি শৰ্মা

By

Published : Feb 19, 2023, 10:24 PM IST

গুৱাহাটী, 19 ফেব্ৰুৱাৰী: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ আইভি শৰ্মাই বাচি ল’লে চৰম পন্থা ৷ দেওবাৰে আত্মহত্যা কৰিলে চিকিৎসক আইভি শৰ্মাই ৷ দেওবাৰে পুৱাই হাতীগাঁও থানাৰ অন্তৰ্গত বশিষ্ঠপুৰ 3 নং উপপথৰ নিজ বাসগৃহত আত্মহত্যা চিকিৎসকগৰাকীৰ (Dr Ivy Sharma suicide) ৷  

চিকিৎসক ডাঃ আইভি শৰ্মাৰ আত্মহত্যাৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ দিল্লীত অধ্যয়নৰত হৈ থকা কন্যাৰ কোঠাতে চিপ লৈ আত্মহত্যা আইভি শৰ্মাৰ (Guwahati Doctor hang herself) ৷ আত্মহত্যাৰ সময়ত স্বামী ঘৰতে আছিল যদিও আছিল আন এটা কোঠাত ৷ কিন্তু কিহৰ বাবে চিকিৎসকগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’লে সেয়া বৰ্তমানেও পোহৰলৈ অহা নাই (Dr Ivy Sharma found dead) ৷  

আৰক্ষীয়ে পুৱা ডাঃ আইভি শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৷ আইভি শৰ্মাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও আৰক্ষীৰ সূত্ৰই আইভি শৰ্মা বহুদিন ধৰি মানসিক সমস্যাত ভুগি আছিল বুলি সদৰী কৰিছে ৷ আইভি শৰ্মাৰ স্বামী দেৱজিৎ চৌধুৰীও (Dr Debojit Choudhury) গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰে সংলগ্ন কেন্সাৰ হাস্পতালৰ অধীক্ষক ৷  

ডাঃ আইভি শৰ্মাৰ আত্মহত্যা সন্দৰ্ভত স্বামী দেৱজিৎ চৌধুৰীয়ে মন্তব্য প্ৰকাশ কৰি কয়, ‘‘পুৱা 6.00 বজাত দেখিলোঁ আইভি বিচনাত নাই । জীয়াৰীৰ কোঠাত দেখা পালোঁ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰা আছিল ।’’ পৰৱৰ্তী পৰ্যায়ত দুৱাৰ খুলি  চিলিং ফেনত চিপজৰী লোৱা অৱস্থাত পত্নীক প্ৰত্যক্ষ কৰে বুলিও মন্তব্য কৰে স্বামী ডাঃ দেৱজিৎ চৌধুৰীয়ে ৷ মুমূৰ্ষ অৱস্থাত আইভি শৰ্মাক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে (GMCH doctor dies by suicide) ৷

লগতে আইভি শৰ্মাৰ স্বামীয়ে কয়, ‘‘ কোনো অজ্ঞাত কাৰণত মানসিকভাৱে ভাঙি পৰিছিল আইভি ৷ মানসিক ৰোগৰ চিকিৎসাও কৰোৱাই আছিল আইভিয়ে ৷ আমাৰ মাজত কেতিয়াও সংঘাত সৃষ্টি হোৱা নাছিল ৷ 1998 চনত আমাৰ বিয়া হৈছিল ৷ আমাক একমাত্ৰ কন্যা দিল্লীত অধ্যয়নৰত ৷’’

কিন্তু কিয় আইভি শৰ্মাই আত্মহত্যা কৰিলে তাক লৈ চিন্তিত হৈ পৰিছে স্বামীও (Assam doctor committed suicide)  ৷ কিয় দীৰ্ঘদিন ধৰি মানসিক অশান্তিত আছিল আইভি শৰ্মা সেয়াও অৱগত নহয় স্বামী ৷ মুঠৰ ওপৰত এতিয়া ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা ৷ 

লগতে পঢ়ক:Murder in Guwahati: শিলেৰে খুন্দিয়াই ই-ৰিক্সা চালকক হত্যা মহানগৰীত

ABOUT THE AUTHOR

...view details