অসম

assam

By

Published : Jan 16, 2023, 10:54 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Ghat Sewa Utsav Barpeta: সুন্দৰীদিয়া সত্ৰৰ কলয়া গংগাত ঘাট সেৱা উৎসৱ

মাঘ বিহুৰ বৰদোমাহি উপলক্ষে সোমবাৰে সত্ৰনগৰী বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ(Sundaridiya Satra in Barpeta) কলয়া গংগাত অনুষ্ঠিত হয় 'ঘাট সেৱা উৎসৱ' (Ghat Sewa Utsav)৷ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা কলয়া গংগাৰ 'ঘাট সেৱা উৎসৱ'ত অগণন ভক্তই সেৱা লয় ৷ 'ঘাট সেৱা উৎসৱ' উপলক্ষে ভক্তসকলে বন্তি জ্বলাই মনৰ কামনা পূৰণ আৰু সমূহৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত সেৱা লয় ৷

মূলত চৰিতপাঠ আৰু নাম প্ৰসংগৰে অনুষ্ঠিত 'ঘাট সেৱা উৎসৱ'ত স্থানীয় যুৱকসকলে ভক্তসকলক আলুভজা আৰু ভোগ বিতৰণ কৰে ৷ বৰপেটাত যিহেতু মাঘৰ বিহুৰ সৈতে গাতাৰ আলু ভাজা পৰম্পৰা চলি আহিছে, সেই পৰম্পৰাৰে ভক্তৰ মাজত আলু ভাজা বিতৰণ কৰে ৷ আয়োজকসকলে জনোৱা মতে- আজি দুই হাজাৰ কেজি আলু ভাজাৰ ব্যৱস্থা কৰে কলয়াহাটীৰ যুৱকসকলে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details