Barshashree Buragohain Releases: অন্ধকাৰ কুঠৰীৰ পৰা মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী - ৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন
65 দিন কাৰাগাৰৰ অন্ধকাৰ কুঠৰীত কটোৱাৰ পাছত শুকুৰবাৰে মুকলি আকাশৰ তললৈ আহিল বৰ্ষাশ্ৰী বুঢ়াগোঁহাই (Barshashree Buragohain releases)। সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত সংগঠনক সমৰ্থন কৰাৰ অভিযোগত 18 মে’ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দ্বিতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকীক ৷ দুয়া মাহতকৈও অধিক কাল গোলাঘাটৰ কাৰাগাৰত কটোৱাৰ পাছত কালি জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Barshashree Buragohain granted bail)৷ অৱশেষত আজি সন্ধিয়া যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ গণিত বিভাগৰ স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকী মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, বৰ্ষাশ্ৰীয়ে যাতে ভৱিষ্যত এনে কাৰ্য নকৰে তাৰ বাবে আদালতৰ মজিয়াত চৰকাৰী পক্ষই আবদেন জনাইছিল । আৰক্ষীয়ে কেছ ডায়েৰী দাখিল কৰিছিল উচ্চ ন্যায়ালয়ত । কেছ ডায়েৰী নিৰীক্ষণৰ পাছতেই দুয়োপক্ষৰ শুনানিৰ অন্তত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ জামিন মঞ্জুৰ কৰে আদালতে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST