অসম

assam

তিনিটা দিনৰ চেষ্টাৰ অন্তত গেছ নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হ'ল অইল ইণ্ডিয়া

ETV Bharat / videos

Duliajan Gas Leakage: ৰক্ষা পৰিল দুলীয়াজান; তিনি দিনীয়া প্ৰচেষ্টাৰ অন্তত বন্ধ হ’ল তৈল খাদৰ গেছ নিৰ্গমন - OIL India Duliajan

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 6:21 PM IST

ডিব্ৰুগড়, 22 অক্টোবৰ : দুলীয়াজানৰ অইল ইণ্ডিয়াৰ ৬৭ নং তেল খাদত ভয়াবহভাৱে তিনিটা দিনে নিৰ্গমণ হৈ আছিল প্ৰাকৃতিক গেছ । প্ৰাকৃতিক গেছ নিৰ্গমণক লৈ আতংকময় পৰিবেশৰ সৃষ্টি হৈছিল দুলীয়াজানত । গেছ নিৰ্গমণ বন্ধ কৰাত তিনিটা দিনেই ব্যৰ্থ হৈছিল অইল ইণ্ডিয়া কৰ্তৃপক্ষ । ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা দুলীয়াজানৰ অইল ইণ্ডিয়াৰ ৬৭ নং তেল খাদত ভয়ংকৰ বিস্ফোৰণ ঘটা পাছতেই ভয়ংকৰভাৱে নিৰ্গমণ হৈছিল প্ৰাকৃতিক গেছ । 

পুৰণি দিৰিয়েল চাহ বাগিচা লাইনৰ নিচেই কাষত পৰিত্যক্ত অৱস্থাত থকা অইল ইণ্ডিয়া লিমিটেডৰ ৬৭ নম্বৰ তেল খাদটোত সংঘটিত হোৱা এই ঘটনাক লৈ আতংকময় পৰিবেশ সৃষ্টি হোৱাৰ অন্তত দেওবাৰে দুপৰীয়া 12 বজাত অইল ইণ্ডিয়াৰ বিশেষ এক্সপাৰ্ট দলে গেছ নিৰ্গমণ বন্ধ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছতেই এতিয়া দুলীয়াজানৰ ৰাইজে স্বস্তিৰ নিশ্বাস এৰিছে । কিয়নো ঘটনাৰ পাছতেই অঞ্চলটোত জুই জ্বলোৱাত বাধা আৰোপ কৰিছিল অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷ আনহাতে বাগিচাখনতো কাম বন্ধ হৈ পৰিছিল শ্ৰমিকসকলৰ । ফলত প্ৰতিবাদমুখৰ হৈ পৰিছিল অঞ্চলটোৰ শ্ৰমিক ৰাইজ ।

লগতে পঢ়ক:Emission of natural gas: দুলীয়াজানত ভয়ংকৰ বিস্ফোৰণ হৈ নিৰ্গমন প্ৰাকৃতিক গেছ

ABOUT THE AUTHOR

...view details