Tradition of Rangali Bihu : টিংখাঙত গৰু বিহুৰ লোকবিশ্বাস পালন, আমৰলি পৰুৱাৰ টোপ পাৰিলে ডেকাসকলে
মৰাণ, ১৪ এপ্ৰিল : আজি গৰু বিহু (Garu Bihu celebrated in Assam) । গৰু বিহুৰ দিনটোত আমৰলি টোপ খোৱাটো অসমীয়া সমাজৰ এক পৰম্পৰা । জনবিশ্বাস মতে, গৰু বিহুৰ দিনাখন আমৰলি পৰুৱাৰ টোপ খালে বছৰটোলৈ মানুহ সু-স্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে আমৰলি টোপ ভাজি খালে এৱাৰোগ নিৰ্মূল হয় বুলিও কোৱা হয় (Rangali bihu celebrated in Assam) ।
আমৰলি টোপত সৰুআইকে ধৰি অন্যান্য ৰোগৰ প্ৰতিৰোধ ক্ষমতাও প্ৰচুৰ পৰিমাণে আছে বুলি বিশ্বাস কৰা হয় (Tradition of Rangali bihu) । বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে ন-সাজ পিন্ধি ব’হাগক আদৰণি জনোৱাৰ সময়তে অসমীয়া সমাজত আদৰ বাঢ়ে আমৰলি টোপৰ ৷ কিয়নো আমৰলি টোপ কেৱল সু-স্বাদুয়েই নহয়, বৰং ই মহৌষধো ।
লোকবিশ্বাস অনুসৰি, বসন্ত ঋতুত আমৰলি টোপ ভক্ষণ কৰিলে বসন্ত ৰোগৰ উপৰি আন আন বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি (tradition of Garu Bihu) ৷ বিশেষকৈ চহা গাম্য জীৱনত গৰু বিহুৰ দিনাখন স্বাভাৱিকতেই অসমীয়াৰ মাজত আমৰলি টোপ ভক্ষণৰ বাবে তৎপৰতা বৃদ্ধি পোৱা দেখা যায় ৷ কংক্ৰিটৰ চহৰ মহানগৰত ইয়াক পোৱা নাযায় যদিও উজনি অসমত আমৰলি টোপ কিছু পোৱা যায় । অৱশ্যে ক্ৰমাৎ আমৰলি পৰুৱা টোপ গ্ৰাম্য অঞ্চলসমূহৰ পৰাও নোহোৱা হৈছে ।
লগতে পঢ়ক :Garu Bihu Celebrated in Assam : মৰিগাঁৱত গৰু বিহুৰ উছাহৰ ঢল