Crime in Bongaigaon: মাণিকপুৰত গাঞ্জাসহ এজনক আটক - One Man arrested with ganja in Bongaigaon
মাণিকপুৰ, ৭ মে':বঙাইগাঁও জিলাৰ ২ নং দেওটাৰীত গাঞ্জাসহ এজনক আটক (One Man arrested with ganja in Bongaigaon)। জিলাখনৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং দেউটাৰীৰ গাঁৱত বুজন পৰিমাণ গাঞ্জা জব্দ (Ganja seized at Manikpur)। নিশাৰ ভাগত মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাৰ নেতৃত্বত আৰু গেৰুকাবাৰী তহলদাৰী আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয় বিনয় কুমাৰ মালাকাৰৰ সহযোগিতাত ২ নং দেউটাৰী গাঁৱত অভিযান চলাই আব্দুছ ছালামক ১৩.২০০ কেজি গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি বহুদিনৰ পৰা আব্দুছ ছালাম নামৰ গাঞ্জা ব্যৱসায়ীটো এই ব্যৱসায়ৰ লগত জড়িত হৈ আহিছে । ধৃত গাঞ্জা ব্যৱসায়ীটোক ভাৰতীয় দণ্ডবিধিৰ 20(b) ধাৰাৰ লগতে অসম গাঞ্জা আৰু ভাং নিষিদ্ধকৰণ আইন, ১৯৫৮ৰ II(B)ধাৰাত এক গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:Lurinjyoti Gogoi demand: চৰকাৰে শৃংখল চলিহাক লক্ষ্য কৰি লৈছে : লুৰীণজ্যোতি গগৈ