অসম

assam

ৰাইজৰ ৰোষত পৰিল গাঞ্জা সৰবৰাহকাৰী

ETV Bharat / videos

Ganja Peddler detained: ৰাইজৰ ৰোষত পৰিল গাঞ্জা সৰবৰাহকাৰী - কোকিলা আৰক্ষী নিৰীক্ষণ চকী

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 11:20 AM IST

মানিকপুৰ, 30 অক্টোবৰ :ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। ড্ৰাগছৰ ব্যাপকতা ইমানেই বৃদ্ধি পাইছে যে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা কৰি বয়োজ্যেষ্ঠলৈ সকলো বয়সৰ লোক ড্ৰাগছত আসক্ত হৈ পৰা পৰিলক্ষিত হৈছে । যাৰ ফলত ৰাজ্যখনত সঘনাই চুৰি কাৰ্যও সংঘটিত হ’বলৈ আৰম্ভ কৰিছে ৷ 

ড্ৰাগছ কিনিবলৈ ধন নাপাই চুৰি কৰিবলৈ বাধ্য হয় একাংশ আসক্ত । এইবাৰ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা দ্বিতীয় খণ্ডত গাঞ্জা সৰবৰাহকাৰীক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ছেলিম উদ্দিন নামৰ এজন যুৱকক ৰাইজে কৰায়ত্ত কৰি ৰচীৰে বান্ধি ৰাখে। 

দীৰ্ঘদিন ধৰি ছেলিম উদ্দিনে অঞ্চলটোৰ বিভিন্ন ঠাইত চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰিছে। বিভিন্নজনৰ ঘৰত চুৰি কৰাৰ লগতে ড্ৰাগছ, গাঞ্জাৰ লগতো জড়িত আছিল যুৱকজন। সোমবাৰে নিশা যুৱকজনক গাঞ্জা সৰবৰাহ কৰাৰ বাবে ৰাইজে কৰায়ত্ত কৰি ৰচীৰে খুটাত বান্ধি ৰাখে। 

ইয়াৰ পিচতে ঘটনাস্থলীত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী উপস্থিত হৈ যুৱকজনক থানাত লৈ যায়। পিচত কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ আৰক্ষী বিষয়াই যুৱকজনক অভয়াপুৰী আৰক্ষী থানালৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। 

লগতে পঢ়ক:ULFA I killed cadre: কিয় হত্যা কৰা হ’ল বিভাকৰক ? পৰেশ বৰুৱাক উত্তৰ বিচাৰিলে মৃত যুৱকৰ পিতৃয়ে

ABOUT THE AUTHOR

...view details