অসম

assam

মোৰ বেংকত 5 লাখ টকাৰ লোন আছে

ETV Bharat / videos

Ganja seized: "মোৰ বেংকত 5 লাখ টকাৰ লোন আছে, সেয়ে মই গাঞ্জাৰ ব্যৱসায় কৰিছিলো" - তিনি লক্ষাধিক টকা মূল্যৰ গাঞ্জা

By

Published : Mar 16, 2023, 9:21 PM IST

ৰঙিয়া, 16 মাৰ্চ:"মোৰ চলিবলৈ উপায় নাই ৷ মোৰ বেংকত 5 লাখ টকাৰ লোন আছে, সেয়েহে মই গাঞ্জাৰ ব্যৱসায় কৰিবলৈ বাধ্য হৈছিলো ৷ মূল্য বৃদ্ধিৰ বাবে পৰিয়াল চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছো । প্ৰথম অৱস্থাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত দলিল পাত বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিলো । জিএছটি, চৰকাৰী কৰৰ বাবে বন্ধ হৈ পৰিছে এই ক্ষুদ্ৰ ব্যৱসায়টোও । মই নিকাহ কৰা বেছিদিন হোৱা নাই ৷" ড্ৰাগছ সৰবৰাহকাৰী ৰিতুল আলীৰ অকপট স্বীকাৰোক্তি (Ganja seized at Rangia) ৷ 

বৃহস্পতিবাৰে ৰঙিয়া-গোৰেশ্বৰ পথৰ মিলনপুৰত আৰক্ষীৰ এক অভিযান তিনি লক্ষাধিক টকা মূল্যৰ গাঞ্জা জব্দ কৰা হৈছে । গোৰেশ্বৰৰ পৰা ৰঙিয়ালৈ AS 25 S 4240 নম্বৰৰ স্কুটীৰে প্ৰায় আঠ কেজি গাঞ্জা সৰবৰাহ কৰি থকা মূহুৰ্তত আৰক্ষীয়ে সৰবৰাহকাৰীটোসহ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয় (smuggler detained at Rangia) ৷ আৰক্ষীয়ে স্কুটীখনত তালাচী চলাই স্কুটীখনৰ পৰা নিষিদ্ধ গাঞ্জাখিনি জব্দ কৰে । ধৃত সৰবৰাহকাৰীটো হৈছে ৰঙিয়াৰ পূব স্থানৰ ৰিতুল আলী । সম্প্ৰতি ধৃত গাঞ্জা সৰবৰাহকাৰীটোক ৰঙিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক:Lightning strikes in Guwahati: ঘৰৰ চোতালত খেলি থাকোতে বজ্ৰ পৰি কিশোৰীৰ মৃত্যু

ABOUT THE AUTHOR

...view details