অসম

assam

মটৰ চাইকেল চুৰি

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 9:05 PM IST

ETV Bharat / videos

Bike lifter in Assam: নাগালেণ্ডত চুৰি বাইক বিক্ৰী কৰি ঘুৰি আহোতেই পৰিল জালত

মৰাণ,২৮ অক্টোবৰঃৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মটৰ চাইকেল চুৰি কৰি বহিঃৰাজ্যৰ বিশেষকৈ নাগালেণ্ড আৰু অৰুণাচলত বিক্ৰী কৰি আহিছে এটা চোৰৰ চক্ৰই । আৰক্ষীয়ে এই চোৰ চক্ৰৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও বিশেষ সফল হ'ব পৰা নাছিল । ইয়াৰ মাজতে চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষীয়ে সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে । নাগালেণ্ডত চুৰি মটৰ চাইকেল বিক্ৰী কৰি ঘূৰি অহাৰ পথত সাপেখাতী আৰক্ষীৰ জালত পৰিল তিনিটা গভাইত চোৰ ।  

সাপেখাতী আৰক্ষীৰ জালত পৰা মটৰ চাইকেল চোৰকেইটা হৈছে ভলুকাগুৰিৰ জোনমণি বৰা , ডিব্ৰুগড় বামুণবাৰীৰ ৰোহিত সৎনামী আৰু সাপেখাতী মুক্তাবাৰীৰ বিকাশ কানু । কুখ্যাত চোৰ কেইটাই দীৰ্ঘদিন ধৰি চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত মটৰ চাইকেল  চুৰ কৰি চলাই আহিছিল সন্ত্ৰাস । শনিবাৰে পুৱতি নিশা চোৰকেইটাই নাগালেণ্ডত চুৰি মটৰ চাইকেল বিক্ৰী কৰি সাপেখাতীৰ দিশে আহি থকা অৱস্থাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ  কৰিবলৈ সক্ষম হৈছে চোৰ কেইটাক ৷  

চোৰ কেইটাৰ পৰা ১৪৫০০ টকা নগদ ধন সাপেখাতী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে অধিক তথ্যৰ বাবে জেৰা চলাই আছে । ইফালে, গভাইত চোৰ কেইটাক গ্ৰেপ্তাৰ কৰা খবৰ পোৱা পাছতেই সাপেখাতী থানাত বহু ভুক্তভোগী উপস্থিত হয় ।

লগতে পঢ়ক:Dergaon incident : খাকী পোছাকত আৰক্ষীয়ে আসুৰিক তৃপ্তি লাভ কৰে: মীৰা বৰঠাকুৰ 

ABOUT THE AUTHOR

...view details