Ganesh idol Immersion: ডিব্ৰুগড়ত অশ্ৰুসিক্ত নয়নেৰে বিঘিনি নাশকক বিসৰ্জন ভক্তৰ - ভক্তৰ লানি নিছিগা ভিৰ
Published : Sep 22, 2023, 7:11 AM IST
ডিব্ৰুগড়, 22 ছেপ্টেম্বৰ :ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো প্ৰতি বছৰৰ দৰে এইবাৰো গণেশ পূজাৰ ব্যাপক আয়োজন কৰা হয় । ব্যতিক্ৰম নহয় ডিব্ৰুগড় চহৰো । পূজা বুলি ক’লে আজিকালি ডিব্ৰুগড় চহৰত বিভিন্ন কাৰিকৰী কৌশল প্ৰয়োগৰ লগতে বিভিন্ন ৰং-বিৰঙৰ প্ৰতিমা স্থাপন কৰি পূজা অনুষ্ঠিত কৰা দেখা যায় ।
কেৱল ডিব্ৰুগড় চহৰখনতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে 20 খনতকৈ অধিক গণেশ পূজা অনুষ্ঠিত কৰিছিল । প্ৰতিখন পূজা মণ্ডপতে দেখা গৈছিল ভক্তৰ লানি নিছিগা ভিৰ । হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত ডিব্ৰুগড়ৰ প্ৰতিটো পূজা মণ্ডপত গুঞ্জৰিত হ’ল গণেশ বন্দনা ।
ইয়াৰ পাচতে পৰম্পৰাগ কৰি ৰক্ষা আনন্দ উল্লাসৰ মাজেৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ল প্ৰথম পূজ্য বাবা গণেশৰ বিসৰ্জন প্ৰক্ৰিয়া । ডিব্ৰুগড়ৰ কাছাৰীঘাটত বিসৰ্জনৰ ব্যৱস্থা কৰিছিল জিলা প্ৰশাসনে । বৃহস্পতিবাৰে আবেলিৰ পৰা সন্ধিয়া পৰ্যন্ত চলিল ডিব্ৰুগড়ৰ গণেশ পূজাৰ মূৰ্তি বিসৰ্জন ।
ভক্তৰ পূজা-অৰ্চনাৰ লগতে একাংশই বিসৰ্জনৰ প্ৰাকক্ষণত আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । ডিব্ৰুগড়ৰ ৰাজপথত গণেশ পূজাৰ মূৰ্তি বিসৰ্জনক লৈ তীব্ৰ যান-জঁট সৃষ্টি হয় যদিও ডিব্ৰুগড়ৰ ৰাইজক গণেশ পূজাৰ মূৰ্তি বিসৰ্জনত একাত্ম হোৱা পৰিলক্ষিত হয় ।
লগতে পঢ়ক :Arrival of autumn: দুভৰিৰে নিয়ৰ গচকি আহিনৰ বোকোচাত উঠি আহিছে শৰৎ