Ganesh Chaturthi 2023: অৰুণাচল প্ৰদেশতো উলহ-মালহেৰে গণেশ চতুৰ্থী উদযাপন - Ganesh Chaturthi celebration in Assam
Published : Sep 19, 2023, 5:57 PM IST
তিনিচুকীয়া,১৯ ছেপ্টেম্বৰ: আজি গণেশ চতুৰ্থী । সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে গণেশ চতুৰ্থী । সিদ্ধিদাতাৰ বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ-বতাহ । পুৱাৰে পৰা গণেশ মন্দিৰতসমূহত ভক্তৰ লানি নিছিগা সোঁত বৈছে । ইয়াৰ ব্যতিক্ৰম নহয় চুবুৰীয়া ৰাজ্য অৰুণাচল ।
দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশতো আজি অতি উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজা । অৰুণাচল প্ৰদেশৰ নামচাই দুই মাইলত ১৯, ২০ আৰু ২১ ছেপ্টেম্বৰ তাৰিখে তিনিদিনীয়াকৈ আয়োজন কৰা এই গণেশ পূজাৰ কাৰ্যসূচীৰ প্ৰথম দিনা চাৰিটাকৈ গজৰাজক লগত লৈ বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয় । ইফালে, ১০০১ টা মাটিৰ কলহত ১০০১ গৰাকী মহিলাই দিহিং নদীৰ পৰা পানী তুলি শিৱ মন্দিৰত শুদ্ধি কৰি পূজাৰ বেদীলৈ আনি সমৰ্পন কৰে ৷ ইয়াৰ পাছতেই আৰম্ভ হয় পূজাৰ অৰ্চনা ।
TAGGED:
Ganesh Chaturthi 2023