Frog Marriage: বৰষুণ লাগে! তিতাবৰত ভেকুলী বিয়া - Heat waves in Assam
তিতাবৰ, 7 জুন : বিয়ানাম,আয়তীৰ উৰুলীৰে উদুলি মুদুলি তিতাবৰ ৷ তিতাবৰত এখন আবতৰীয়া বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ উৎকট গৰমে দহিছে ৰাজ্যবাসীক (Heat waves in Assam)। ৰাজ্যৰ লগতে তিতাবৰত ৪০ ডিগ্রী চেলচিয়াছ পর্যন্ত হৈছে তাপমাত্রা (Frog Marriage at Titabar) । জেঠমহীয়া প্রখৰ ৰ’দত চিৰাল ফাট মেলিছে পথাৰৰ মাটিত । গতিকে বৰষুণ বিচাৰি তিতাবৰ বৰহোলা বচাগাঁৱত আয়োজন কৰা হৈছে ভেকুলী বিয়া।
বিয়ানাম,আয়তীৰ উৰুলীৰে উদুলি মুদুলি বিয়া ঘৰ। গৰমৰ পৰা পৰিত্ৰাণ বিচৰাৰ লগতে খেতি কৰ্মৰ বাবে বৰষুণৰ আশাত তিতাবৰ বচাগাঁৱত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হৈছে ভেকুলী বিয়া ৷ বৰযাত্ৰীক আদৰাৰ পৰা কন্যাদানলৈ, আনন্দ-ফুৰ্তিৰে সম্পন্ন হৈছে বিয়াখন ।
সম্পূৰ্ণ ৰীতি-নীতিৰে আয়োজন কৰা ভেকুলী বিয়াত অংশগ্ৰহণ কৰিছে গাঁওবাসীয়ো। লোকবিশ্বাস অনুসৰি ভেকুলী বিয়া পাতিলে বৰষুণ আহে সেয়ে বৰষুণৰ আশাত ভেকুলী বিয়া আয়োজন কৰিছে তিতাবৰ বচা গাঁওবাসীয়ে ৷
লগতে পঢ়ক:Merapani theft incident: চিকিৎসালয়ৰ জেনেৰেটৰৰ বেটাৰী লৈ গ’ল চোৰে