অসম

assam

By

Published : Aug 12, 2022, 10:00 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

ETV Bharat / videos

Murder in Abhayapuri, এনেকুৱা ঘটনা হৈ যাব বুলি মইও ভবা নাছিলো; ঘাতকৰূপী বন্ধুৰ অকপট স্বীকাৰোক্তি

"এনেকুৱা হৈ যাব বুলি মইও ভবা নাছিলো ৷ মোৰ হাতত থকা ছুৰীখন লাগি গ’ল ৷" বন্ধুৰ হাততেই প্ৰাণ হেৰুৱালে বন্ধুৱে (Friend lost his life at friend hand in abhayapuri) ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ খগৰপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা (Murder in Abhayapuri) ৷ বন্ধুয়ে বন্ধুক হানি খুচি হত্যা কৰা এই ঘটনাই অভয়াপুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত ধুলাউৰাত এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 3.30 মান বজাত সুৰাসক্ত দুই বন্ধুৰ মাজক কথাৰ বাক-বিতণ্ডা লাগি থাকোঁতেই মুকুন্দৰ হাতত থকা ছুৰীখন অজিতৰ পেটত সোমোৱাই দিয়ে ৷ সংকটজনক অৱস্থাত অজিত নাথক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যুক আকোৱালি লয় যুৱকজনে । অৱশেষত হত্যাকাৰী মুকুন্দ সুত্ৰধৰক আটক কৰে উত্তৰ শালমাৰা আৰক্ষীয়ে ৷
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details