অসম

assam

সৰুপথাৰ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

ETV Bharat / videos

Sarupathar college:সৰুপথাৰ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা - ভৱজিৎ বেজবৰুৱা

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 6:14 PM IST

সৰুপথাৰ, ২৫ আগষ্ট : অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল ধনশিৰি মহকুমাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ সৰুপথাৰ মহাবিদ্যালয়ত আজি শুকুৰবাৰে অনুষ্ঠিত হয় ২০২৩ বৰ্ষৰ নৱাগত আদৰণি সভাখন । ভিন্ন প্ৰান্তৰৰ বিদ্যালয়সমূহৰ পৰা আহি সৰুপথাৰ মহাবিদ্যালয়ত নামভৰ্তি কৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম ষান্মাসিক, ২০২২ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হোৱা স্নাতকোত্তৰ প্ৰথম বৰ্ষ (অসমীয়া বিভাগ)ৰ ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে আজি আদৰণি জনোৱা হয় ।

আদৰণি ভাষণ প্ৰদান কৰে ছাত্ৰ-একতা সভাৰ সাধাৰণ সম্পাদক দিপু শইকীয়াই । উল্লেখ্য যে সোণালী জয়ন্তী বৰ্ষ পালন কৰা মহাবিদ্যালয়খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শ্ৰীযুত ভৱজিৎ বেজবৰুৱা, মুখ্য বক্তা হিচাপে উপস্থিত থাকে ফাউণ্ডাৰ স্কিলফিনিটিৰ ফেকাল্টি ডেভেলপমেন্ট ট্ৰেইনাৰ শ্ৰীযুত অঞ্জন চৌধুৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি আৰু ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল ৷

লগতে পঢ়ক :Tejaswita Baruah Assam:কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ নামত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠা উছৰ্গা

ABOUT THE AUTHOR

...view details