Hari Prashad Mishra Passed away: ৰাজ্যিক মৰ্যাদাৰে মুক্তিযোদ্ধা হৰিপ্ৰসাদ মিশ্ৰৰ শেষকৃত্য সম্পন্ন - শোণিতপুৰ জিলাৰ উপায়ুক্ত
চতিয়াৰ নাগশংকৰ অঞ্চলৰ চমাৰ দলনিত ১৯২৫ চনত জন্ম গ্ৰহণ কৰা ভাৰতৰ স্বাধীনতা আন্দোলনৰ অক্লান্ত সৈনিক হৰিপ্ৰসাদ মিশ্ৰই বৃহস্পতিবাৰে পুৱাই নিজা বাসভৱনত ৯৯ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে (Hari Prashad Mishra Passed away) । ১৭ বছৰ বয়সতেই ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল হৰিপ্ৰসাদ মিশ্ৰ । বৰ্ষীয়ান মুক্তিযোদ্ধা গৰাকীয়ে নিজ বাসভৱনতে পৰি কঁকালত আঘাত পোৱাত লাগে লগে পৰিয়ালৰ লোকে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰায় ৷ চিকিৎসকে এক জটিল অস্ত্ৰোপ্ৰচাৰৰ প্ৰয়োজন হ’ব বুলি কয় যদিও বাৰ্ধক্যজনিত কাৰণত সেই অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ অপৰাগতা প্ৰকাশ কৰে ৷ যাৰ বাবে তেখেতক পৰিয়ালৰ লোকে নিজ গৃহলৈ লৈ আনিব লগা হয় (Funeral of Hari Prashad Mishra) ৷ আজি পুৱাই শেষ নিশ্বাস ত্যাগ কৰে মুক্তিযোদ্ধা গৰাকীয়ে । মুক্তিযোদ্ধা গৰাকীক তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাসহ বিভিন্ন দল সংগঠনে তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা তৰ্পণ কৰাৰ পিছতে স্বাধীনতা আন্দোলনৰ জীয়া সাক্ষী ঐতিহাসিক চতিয়া আৰক্ষী থানাৰ সংৰক্ষিত পুৰণি গৃহলৈ লৈ অনা হয় (Freedom fighter Hari Prashad Mishra) ৷ ইয়াতো চতিয়া আৰক্ষী থানাৰ বিষয়া কৰ্মচাৰী সকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত তেখেতৰ বাসভৱনতে সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় মুক্তিযোদ্ধা হৰিপ্ৰসাদ মিশ্ৰৰ ।
Last Updated : Feb 3, 2023, 8:38 PM IST