অসম

assam

মাজুলীত বন্যহস্তীৰ ত্ৰাস

ETV Bharat / videos

Wild elephant terror in Majuli : গঁড়ৰ পাচত উজনি মাজুলীত বন্যহস্তীৰ ত্ৰাস - গঁড়ৰ মুক্ত বিচৰণত অতিস্ত হৈ পৰিছে মাজুলীবাসী ৰাইজ

By

Published : Apr 11, 2023, 10:10 AM IST

মাজুলী, 11 এপ্ৰিল :সত্ৰ নগৰী মাজুলীত এইবাৰ বনৰীয়া হাতীৰ উপদ্ৰৱ (Wild elephant in Majuli)। ফলত ভয় আৰু শংকাৰ মাজত দিন পৰা কৰিব লগাত পৰিছে উজনি মাজুলীৰ ৰতনপুৰ অঞ্চলবাসী ৰাইজে ৷ ইফালে উজনি মাজুলীত দিন-ৰাতি একাকাৰ কৰি বনকৰ্মীয়ে দিছে হাতীৰ পহৰা । এইক্ষেত্ৰত ৰতনুৰ অঞ্চলৰ স্থানীয় ৰাইজেও বনকৰ্মীসকলক সহায় কৰিছে ।

বিশেষকৈ ৰতনপুৰ, নপমুৱা, লাহন গাঁৱৰ সন্মুখৰ চাপৰিত বনৰীয়া হাতীয়ে খাই তহিলং কৰিছে ৰঙলাওকে ধৰি বিবিধ শস্য (Wild elephant terror in Majuli) । নিশা হ’লেই বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশৰ চেষ্টা কৰে চাৰিজনীয়া এটা বন্যহস্তীৰ জাকে । মাজুলীৰ বনকৰ্মীসকলে বনৰীয়া হাতীৰ বাবে দিনে-ৰাতিয়ে পহৰা দিছে যদিও মাজুলীত পৰ্যাপ্ত নহয় বনকৰ্মীৰ সংখ্যা ।

আজিৰ তাৰিখটো মাত্ৰ সিমিত সংখ্যক বনকৰ্মীয়ে চলি আছে মাজুলীৰ বনবিভাগটো । আনহাতে, উজনি মাজুলীত এফালে বন্যহস্তী আৰু আনফালে নামনি মাজুলীত বৰ্তমান গঁড়ৰ মুক্ত বিচৰণত অতিস্ত হৈ পৰিছে মাজুলীবাসী ৰাইজ ৷

লগতে পঢ়ক :Rhino terror in Majuli : গঁড়ৰ মুক্ত বিচৰণত মাজুলীত পুনৰ আতংক

ABOUT THE AUTHOR

...view details