Rhino terror at Kaliabar : কলিয়াবৰত এশিঙীয়া গঁড়ৰ মুক্ত বিচৰণ - বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান
কলিয়াবৰ,১৮ এপ্ৰিল : বন্য জীৱ-জন্তুৰ বিচৰণস্থলীলৈ পৰিণত হৈছে কলিয়াবৰ । বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান কলিয়াবৰবাসীৰ মাজত কিছুদিন পূৰ্বে দেখা গৈছিল বাঘৰ মুক্ত বিচৰণ । বাঘৰ ত্ৰাসৰ পাছতেই এইবাৰ কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বিৰাজ কৰিছে গঁড়ৰ সন্ত্ৰাসে (Rhino terror at Kaliabar) । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰা ওলাই অহা এটা এশিঙীয়া গঁড়ে মুক্ত বিচৰণ কৰিছে কলিয়াবৰৰ কেইবাটাও অঞ্চলত (Free roaming of Rhino creates panic at Kaliabar) ।
কলিয়াবৰ চাহ বাগিচাৰ লগতে শিলঘাট-কামাখ্যা সংৰক্ষিত পাহাৰৰ আশে-পাশে বিচৰণ কৰিছে গঁড়টোৱে । সম্প্ৰতি স্থানীয় লোকে লোৱা গঁড়টোৰ বিচৰণৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Rhino at Kaliabar) । ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, গঁড়টো পুনৰ শিলঘাট-কামাখ্যা সংৰক্ষিত পাহাৰ বনাঞ্চলৰ দিশে আঁতৰি গৈছে ।