Rhino terror in Majuli : গঁড়ৰ মুক্ত বিচৰণত মাজুলীত পুনৰ আতংক - গঁড়ৰ মুক্ত বিচৰণ
মাজুলী, 31 মাৰ্চ :পুনৰ মাজুলীত গঁড়ৰ মুক্ত বিচৰণ (Rhino in Majuli) । বিগত কেবামাহ ধৰি খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই অহা তিনিটা গঁড়ে মাজুলীৰ বিভিন্ন স্থানত বিচৰণ কৰি ফুৰিছে । তাৰে এটা গঁড়ে খাদ্যৰ সন্ধানত আউনিআটি সত্ৰৰ সমীপৰ যুগুনধাৰী গাঁৱৰ পথাৰত মুক্ত বিচৰণ কৰিছে । যাক লৈ সংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ (Rhino terror in Majuli)৷
প্ৰায় তিনিমাহ পূৰ্বে কাজিৰঙাৰ পৰা ওলাই অহা গঁড় কেইটাক মাজুলীৰ পৰা খেদি পঠাবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও আজি পৰ্যন্ত গঁড় কেইটাক খেদি পাঠাবলৈ সক্ষম হোৱা নাই বন বিভাগৰ লোকে । আউনিআটি সত্ৰৰ সমীপৰ যুগুনধাৰী গাঁৱত থকা গঁড়টোৱে বৰ্তমান এডৰা কাঠনিত অৱস্থান কৰি আছে ।
জানিব পৰা মতে, খাদ্যৰ সন্ধানত ওলাই অহা গঁড়টোৱে ইতিমধ্যে মাজুলীৰ বিভিন্ন ঠাইত বহু খাদ্যশস্য ধ্বংস কৰিছে ।
লগতে পঢ়ক :Rhino Roaming in Majuli : গড়ৰ মুক্ত বিচৰণে আতংকিত কৰিছে মাজুলীবাসীক