Free physiotherapy camp: নলবাৰীত বিনামূলীয়া ফিজিওথেৰাপি চিকিৎসা শিবিৰ - নলবাৰীত বিনামূলীয়া ফিজিওথেৰাপি চিকিৎসা শিবিৰ
Published : Sep 10, 2023, 3:48 PM IST
নলবাৰী,১০ ছেপ্টেম্বৰ:দেওবাৰে নলবাৰী জিলাৰ মুকালমুৱাৰ ৰামপুৰত আয়োজন কৰা হয় এক বিনামূলীয়া ফিজিওথেৰাপি চিকিৎসা শিবিৰৰ । কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইনষ্টিটিউট অফ্ ফিজিওথেৰাপিৰ উদ্যোগত ৰামপুৰৰ ৫৪৪ নং প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰে এই বিনামূলীয়া ফিজিওথেৰাপি চিকিৎসা শিবিৰটো ।
বাতবিষ যেনে আঁঠুৰ বিষ, ডিঙিৰ বিষ, কঁকালৰ বিষ, হাতৰ বিষ আদিৰ লগতে পেৰালাইছিছ, প্ৰতিবন্ধী শিশুসকলক শিবিৰটোত বিনামূলীয়াকৈ ফিজিওথেৰাপিৰ চিকিৎসা কৰাৰ লগতে ঔষধ ব্যৱহাৰ নকৰাকৈ এনেধৰণৰ ৰোগীসকলে ফিজিওথেৰাপিৰ জৰিয়তে কিদৰে আৰোগ্য লাভ কৰিব পাৰে তাৰ ওপৰত ৰাইজ তথা ৰোগীসকলক সজাগ কৰে চিকিৎসকৰ দলটোৱে ।
এই ফিজিওথেৰাপি চিকিৎসা শিবিৰটোত অঞ্চলটোৰ ৩০ গৰাকীতকৈও অধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হয় । শিবিৰটোত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইনষ্টিটিউট অফ্ ফিজিওথেৰাপিৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে পৰিচালনা কৰাৰ লগতে ৰোগীসকলক ফিজিওথেৰাপিৰ চিকিৎসা প্ৰদান কৰা হয় ।
লগতে পঢ়ক:Accident news : চৰাইদেউত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত 3 জন