Free operation camp in Dhemaji: চিলাপথাৰত শল্য চিকিৎসক সন্থাৰ বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰ - Down Town Hospital
জোনাই ,২৬ফেব্ৰুৱাৰী:ভাৰতীয় শল্য চিকিৎসক সংস্থাৰ অসম খণ্ডৰ উদ্যোগত শনিবাৰে ধেমাজি জিলাৰ চিলাপথাৰত অনুষ্ঠিত হয় এক বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰ (Assam Chapter of The Surgeons Association of India)। চিলাপথাৰৰ এম আৰ ডি হাস্পতালত অনুষ্ঠিত হয় এই বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰটো (Free operation camp at Silapathar)। শিবিৰত মুঠ ১৮ গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ পুৰুষ-মহিলাক গলব্লাডাৰ, স্তন কৰ্কট আৰু জৰায়ু কৰ্কট আদি ৰোগৰ অস্ত্ৰোপচাৰ কৰা হয় ।
এই শিবিৰটোত ডাউন টাউন হাস্পতালৰ (Down Town Hospital) শল্য চিকিৎসা বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কৃষ্ণালী হাজৰিকা, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (Assam Medical College Hospital) শল্য চিকিৎসা বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দিলীপ কিলিং, ডাঃ ডেভিদ পেগু, সঞ্জীৱনী হাস্পতালৰ শল্য চিকিৎসক ডাঃ তৰংগ হাজৰিকা, কৃষ্ণালী বৰুৱা, ডাঃ অভিজিত পাত্ৰ, ডাঃ তনুৰাণী গগৈ, ডাঃ মনোজ সাহা, ডাঃ নিলোৎপল ভট্ট, ডাঃ ফৰিদ কামানকে ধৰি গুৱাহাটী, ডিব্ৰুগড় ,লখিমপুৰ, যোৰহাট, তেজপুৰ আদি বিভিন্ন স্থানৰ প্ৰায় ১৫ গৰাকী শল্য চিকিৎসকে অংশগ্ৰহণ কৰে ।
চিলাপথাৰৰ চিলা বৰঘুলি মিচিং ৰাইজে ভাৰতীয় শল্য চিকিৎসক সংস্থাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতিসহ চিকিৎসকৰ দলটোক উষ্ম আদৰণি জনায় । এনে এটা অনগ্ৰসৰ অঞ্চলত এই সেৱা আগবঢ়োৱা বাবে চিকিৎসকৰ দলটোক ধন্য়বাদ জ্ঞাপন কৰে স্থানীয় ৰাইজে । ভাৰতীয় শল্য চিকিৎসক সংস্থাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি অধ্যাপক ডাঃ এন এন দাসে এই শিবিৰটোৰ সন্দৰ্ভত কয় যে, এনে ধৰণৰ বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰৰ জৰিয়তে দুখীয়া ৰাইজ উপকৃত হ'ব । ডিব্ৰুগড় আৰু যোৰহাটৰ পৰা এনাস্থেচিয়া বিভাগৰ চিকিৎসকেও এই শিবিৰটোত অংশগ্ৰহণ কৰা বুলি কয় ভাৰতীয় শল্য চিকিৎসক সংস্থাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতিগৰাকীয়ে । ভাৰতীয় শল্য চিকিৎসক সংস্থাই ৰাইজৰ মাজলৈ গৈ এইদৰে সেৱা আগবঢ়াই যাব বুলি তেওঁ কয় ।