অসম

assam

কামৰূপ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ

ETV Bharat / videos

Free Eye Checkup Camp: ৰাষ্ট্ৰীয় ঘাইপথত চালকৰ বাবে বিনামূলীয়া চকু চিকিৎসা শিবিৰ - মদনপুৰ টোলগেট

By

Published : Aug 15, 2023, 8:30 PM IST

বাইহাটা, ১৫ আগষ্ট: কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ সৌজন্যত কামৰূপ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে সোমবাৰে মদনপুৰ টোলগেটত অনুষ্ঠিত কৰে এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ । ৰাজ্যত সঘনাই সংঘটিত হৈ থকা পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে এক সজাগতা কাৰ্যসূচী হিচাপে কামৰূপ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে এই পদক্ষেপ গ্ৰহণ কৰে ।

কামৰূপ পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা সকলো ধৰণৰ লঘু বা গধুৰ যান-বাহনৰ চালক-পৰিচালকক টোলগেটত নমাই অভিজ্ঞ চকু চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰোৱায় । চকুৰ দৃষ্টিশক্তিৰ কাৰণে বিভিন্ন সময়ত চালকসকলে পথত থকা চিগনেলসমূহ ভালদৰে দেখাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় ৷ যাৰ বাবে বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি প্ৰকাশ কৰে কামৰূপ জিলা পৰিবহন বিষয়াগৰাকীয়ে ।

আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই বিনামূলীয়া চকু চিকিৎসা শিবিৰত দুশৰো অধিক চালক-পৰিচালকৰ চকু পৰীক্ষা কৰোৱাৰ লক্ষ্য পৰিবহন কাৰ্যালয়ৰ ।

লগতে পঢ়ক:Blood donation camp: ৭৭ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰক্তদান শিবিৰ

ABOUT THE AUTHOR

...view details