Fraud case in Sonari: পেট্ৰ'ল পাম্পত তেল নিদিয়াকৈয়ে সৰকালে ধন - সোণাৰিত পেট্ৰল পাম্পত তেল নিদিয়াকৈয়ে সৰকালে ধন
মৰাণ, ২৫ জুন: চৰাইদেউ জিলাৰ সোণৰিত গ্ৰাহকক ৰাম ঠগন পেট্ৰ'ল পাম্পৰ । তেল নিদিয়াকৈয়ে গ্ৰাহকৰ পৰা ধন লুটাৰ অভিযোগ সোণাৰিৰ নগৰৰ মাজ মজিয়াত থকা সোণাৰি ফুৱেল ছাৰ্ভিছ নামৰ পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে । সোণাৰি নগৰস্থিত সোণাৰি ফুৱেল ছাৰ্ভিছ নামৰ পেট্ৰ'ল পাম্পত তেল নিদিয়াকৈয়ে ধন লোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পিচতেই ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
ঘটনাৰ বিৱৰণি অনুসৰি দেৱজিত হাজৰিকা নামৰ এজন ব্যৱসায়ীয়ে উক্ত পেট্ৰ'ল পাম্পত ৫১০ টকাৰ ইন্ধন ভৰাবলৈ দিছিল বাহনত । আনহাতে, গ্ৰাহকজনৰ অমনোযোগিতাৰ সুযোগ লৈ পাম্পৰ কৰ্মচাৰীয়ে বাহনখনত তেল নভৰোৱাকৈয়ে পইচা লৈ গ্ৰাহকজনক প্ৰৱঞ্চনা কৰে । ৫১০ টকাৰ তেল ভৰোৱাৰ পাচতো গাড়ীখনৰ তেল শেষ হোৱাত সমগ্ৰ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ অহাত ক্ষুব্ধ হৈ পৰে গ্ৰাহকজন ।
ইপিনে, পেট্ৰ'ল পাম্পটোৰ চি চি কেমেৰা পৰীক্ষা কৰাত তেল নিদিয়া কথাটো ষ্পষ্ট হৈছে । এই প্ৰৱঞ্চনাৰ ঘটনাটো পোহৰলৈ অহাত বিগত সময়ছোৱাতো পেট্ৰ'ল পাম্পটোৱে গ্ৰাহকক লুণ্ঠন কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । ৰাইজক প্ৰৱঞ্চনা কৰা পেট্ৰ'ল পাম্পটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে প্ৰশাসনক দাবী জনাইছে ।
লগতে পঢ়ক:Interview with Iman Kalyani Oja : NID ৰ বাছনি পৰীক্ষাত ৪২ সংখ্যক লাভ ইমন কল্যানী ওজাৰ
TAGGED:
Fraud case in Sonari